Local, Vocal, Global

Neeraj Chopra’s javelin throw final in Paris Olympics : ভাৰতৰ তাৰকা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে নিশা ১১.৫৫ বজাত অলিম্পিকত স্বৰ্ণপদক জয়ৰ লক্ষ্যৰে নামিব

নিউজ ডেস্ক,৮আগষ্ট : আজি পেৰিছ অলিম্পিকত স্বৰ্ণ দখলৰ লক্ষ্যৰে নামিব গল্ডেন বয় নীৰজ চোপ্ৰা । ভাৰতৰ হৈ দ্বিতীয়টো অলিম্পিক স্বৰ্ণ জয়ৰ দিশে নীৰজ। নিশা ১১.৫৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।

জিঅ’ চিনেমাত লাইভ ষ্টিমিং দেখিবলৈ পাব এই খেল। ইয়াৰ উপৰি স্প’ৰ্টছ ১৮ চেনেলত চাব পাৰিব পোনপটীয়া সম্প্ৰচাৰ(Neeraj Chopra’s javelin throw final in Paris Olympics)।

টকিঅ’ অলিম্পিকৰ দৰে এইবাৰো নীৰজে কেইটামান ছেকেণ্ডৰ ব্যৱধানত যোগ্যতা অৰ্জন কৰিছিল।এইবাৰৰ প্ৰত্যাহ্বান পূৰ্বৰ অলিম্পিকতকৈ কঠিন। মুঠ ৯জন খেলুৱৈৰ ভিতৰত নীৰজৰ দৰে পাঁচজনে তেওঁলোকৰ প্ৰথম থ্ৰ’তে ফাইনেলত প্ৰৱেশ কৰিছিল।

যদি নীৰজে শ্ৰেষ্ঠত্ব অৰ্জন কৰে, তেন্তে তেওঁ অলিম্পিকৰ ব্যক্তিগত বিভাগত দুটি স্বৰ্ণপদক জিকা প্ৰথম ভাৰতীয় হৈ পৰিব। নীৰজে পদক জিকিলে স্বাধীনতাৰ পিছত দুটা অলিম্পিকত পদক জিকা চতুৰ্থগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব(Neeraj Chopra’s javelin throw final in Paris Olympics)।

লগতে পঢ়ক : 17 hospitalized after gas leak at food processing factory in Pune : খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত গেছ লিকৰ ঘটনা;অসুস্থ ১৭ জনকৈ লোক