Local, Vocal, Global

উত্তৰ গুৱাহাটীত ভূমিস্খলনত খহি পৰিল গাৰ্ড ৱাল

নিউজ ডেস্ক, ১৫ জুন : বুধবাৰেও মহানগৰীত অব্যাহত আছে মুষলধাৰ বৰষুণ, কৃত্ৰিম বানপানী তথা ভূমিস্খলন।

মূষলধাৰ বৰষুণৰ ‌বাবে মহানগৰীৰ বিভিন্ন ঠাইত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ।

বুধৰাৰে উত্তৰ গুৱাহাটীত হোৱা ভুমিস্খলনত খহি‌ পৰে পুৰাণ‌ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়লৈ (Shri Shri Aswakranta Temple) যোৱা মূল পথৰ গাৰ্ড ৱাল। গাৰ্ড ৱালখন খহি পৰাৰ বাবে পথটোৰ কাষতে থকা কেইবাটাও পৰিয়ালৰ‌ মাজত‌ আতংকৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, “Jaika” নামৰ‌ কম্পেনীটোৱে নিৰ্মাণ কৰিছিল গাৰ্ড ৱাল‌ খন। নিৰ্মাণৰ সময়ত সৰ্বসাধাৰণ ৰাইজে ৱাল‌ খন তলৰ পৰা পৰ্য্যায়ক্ৰমে নিৰ্মাণ কৰিবৰ বাবে কৈছিল যদিও ঠিকাদাৰ তথা Engineerৰে নিজৰ মতে নিম্ন মানণ্ডৰ সৈতে নিৰ্মাণ কৰিছিল ৱালখন।

ইতিমধ্যে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ ‌বিষয়াই ঘটনা স্থলী পৰিদৰ্শন কৰি “জাইকা” পানী‌ যোগান প্ৰকল্পক গাৰ্ড ৱাল পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে ।