চীনত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৩ সহস্ৰাধিক লোক
নিউজ ডেস্ক,৪ এপ্ৰিল : ভাৰতত ক্ৰমান্বয়ে কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাবলৈ ধৰিছে যদিও চীনত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে। কিয়নো চীনত কোৰোনাৰ ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্ট নতুন ছাব ভেৰিয়েন্টৰ ফলত হাঁহাকাৰ পৰিৱেশ সৃষ্টি হৈছে নাগৰিকৰ মাজত।
চীনত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৩ সহস্ৰাধিক লোক। চীনৰ চৰকাৰী তথ্য অনুসৰি, অমিক্ৰন ভেৰিয়েন্টৰ নতুন ছাব ভেৰিয়েন্টতে আক্ৰান্ত হৈছে এই সকল লোক। কোৰোনাৰ সংক্ৰমণ দেশখনৰ সৰ্বাধিক ছাংঘাই চহৰত দেখিবলৈ পোৱা গৈছে।
চীনৰ চৰকাৰে কঠোৰ কৰিছে ল’কডাউনৰ নিয়নবোৰ। লগতে কোনো লোকক ঘৰৰ বাহিৰলৈ ভেকচিন লোৱাৰ বাদে আন কোনো কামত বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাই।
ইয়াৰ বিপৰীতে ভাৰতত কোৰোনাৰ সংক্ৰমণ প্ৰতিদিনে হ্ৰাস পাই গৈ থকা পৰিলক্ষিত হৈছে।