Local, Vocal, Global

বেংকৰ পৰা ধন আত্মসাতৰ অপৰাধত কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৪ এপ্ৰিলঃ ধন আত্মসাতৰ অপৰাধত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন কংগ্ৰেছ নেতাক। গ্ৰেপ্তাৰ কৰা নেতাজন হৈছে আবু বক্কৰ ছিদ্দিক।

বিধায়ক নুৰুল হুদা আৰু ৰকিবুল হুছেইনৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা আবু ছিদ্দিকক নগাঁৱৰ জুৰিয়াৰ পৰা কৰায়ত্ব কৰে।নগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া মনোজ ৰাজবংশীয়ে জনোৱা মতে, কংগ্ৰেছ নেতা আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে

নগাঁও সদৰ থানাত এক গোচৰ ৰুজু হৈ আছে। বেংকৰ পৰা প্ৰায় ২৫ লাখ টকা ঋণ আদায় কৰাৰ কেলেংকাৰীত আবু বক্কৰৰ নাম সাঙোৰ খাইছে। জালিয়াতিৰে এই বৃহৎ পৰিমাণৰ ধন আত্মীয়ৰ নামত বেংকৰ পৰা আদায় কৰিছিল নেতাগৰাকীয়ে।

দেওবাৰে নিশা আৰক্ষীয়ে জুৰিয়াৰ আলিটাঙনিৰ পৰা আবু বক্কৰ ছিদ্দিকক কৰায়ত্ব কৰি নগাঁও সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে।