Local, Vocal, Global

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰিত হ’ল ইমৰাণ খান

নিউজ ডেস্ক,৪ এপ্ৰিলঃ পাকিস্তানক ৰাষ্ট্ৰীয় সাংসদ ভংগৰ পিছতেই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰিত হয় ইমৰাণ খান। ৩ এপ্ৰিলৰ মাজনিশা কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা জাননী যোগে এই কথা ঘোষণা কৰা হৈছে।

আজি বিয়লি ৩.৩০ বজাত দেশক সম্বোধন কৰিব ইমৰাণ খানে।পাকিস্তানৰ ৰাজনীতিত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে দেশখনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ইমৰান খান হৈ থাকিব পাকিস্তানৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী। দেশখনত নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব।

উল্লেখ্য যে, আজি পৰ্যন্ত পাকিস্তানৰ কোনো প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যকাল শেষ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইমৰাণ খান তৃতীয় গৰাকী প্ৰধানমন্ত্ৰী যিয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে।