১০০ কোটি ভেকচিনৰ চমক ! দৰৱৰ অধিক মূল্য ভৰি ,পকেট উদং জনতাৰ

কোভিডৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ভাৰতে এতিয়া বিশ্বাভিলেখ গঢ়িছে। দেশৰ ১০০ কোটিতকৈও অধিক লোকক এতিয়ালৈকে কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। এয়া নিঃসন্দেহে সুখৰ কথা। কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সাফল্যক অধিক গৰিমামণ্ডিত কৰি তুলিবলৈ চৰকাৰে লালকিল্লাত বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে।
কাহী-বাতি বজাই ক’ৰ’না খেদিবলৈ তৎপৰ হোৱা বহু জনতাই সেই অনুষ্ঠানকলৈ অত্যুৎসাহী হৈ পৰাও দেখা গৈছে। ১০০ কোটি ভেকচিন প্ৰদান সম্পন্ন হৈ উঠাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কৈছে ‘ আজি এটা উৎসাহৰ পৰিবেশ সৃষ্টি হৈছে।ইয়াৰ লগতে আমাৰ মাজত এটা দায়িত্ববোধৰো সৃষ্টি হৈছে যে সকলোৱে মিলি আমি ক’ৰ’নাক পৰাভূত কৰিম’। মোদীৰ এই ভাষণ উৎসাহজনক।
কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কেৱল ক’ৰ’নাৰ বিষয়টোকলৈ উৎসাহি হৈ ৰ’ল যদিও দেশৰ কোটি কোটি জনতাই যে গেছৰ সাধাৰণ দৰৱ বিধৰ পৰা আৰম্ভ কৰি সকলো দৰৱেই পূৰ্বৰ দামতকৈ কমেও ২০ শতাংশ অধিক দামত ক্ৰয় কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে সেই কথা এবাৰৰ বাবেও উল্লেখ নকৰিলে।
চৰকাৰে দেশত দৰৱৰ মূল্য কমাব চাৰি চলিত বৰ্ষৰ এপ্ৰিল মাহৰে পৰা প্ৰতিবিধ দৰৱৰ দাম প্ৰায় ২০ শতাংশলৈকে বঢ়োৱাৰ অনুমোদনহে দিছিল। ক’ৰ’নাকালত দেশৰ কোটি কোটি লোকৰ আয় কমিছে, বহু লোক কৰ্মহীন হৈ পৰিছে, বহু উদ্যোগ বন্ধ হৈ পৰিছে। অথচ চৰকাৰৰ আশীৰ্বাদতে দেশবাসীয়ে প্ৰতিবিধ দৰৱ সৰ্বাধিক ২০ শতাংশ( কোনো কোনো দৰৱ ৫, ১০ আদি শতাংশ) বেছি ধন দি ক্ৰয় কৰিবলগীয়া হৈছে।
ভাৰতত কেৱল ক’ৰ’নাই নাই, আন বহু ৰোগত আক্ৰান্ত হৈয়েই নিতৌ প্ৰায় লাখৰ ঘৰত লোকে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। সঠিক ভাবে দৰৱ ক্ৰয় কৰিব নোৱাৰিও বহুতে চিকিৎসা আধাতে সামৰিবলগীয়া হৈছে। বহুতে চিকিৎসা খৰচৰ কথা চিন্তা কৰিয়েই দেহতে ৰোগ পুহি ৰাখিবলগীয়া হৈছে। চৰকাৰে চিকিৎসাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি যুগুতাই উলিয়াইছে যদিও সেই আঁচনিয়ে সকলো লোককে আৰু সকলো ৰোগকে ঢুকি পোৱা নাই।
ইমানৰ পিছতো ক’ব পাৰি নেকি যে দেশলৈ পৰিৱৰ্তনৰ ধাৰা দুৰন্ত গতিত নামি আহিছে বুলি?
পৰিৱৰ্তনৰ কথা ইতিমধ্যে ঘৰুৱা ব্যৱহৃত গেছ ছিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী, ইন্ধন আদিৰ মূল্যবৃদ্ধিৰ পৰাই প্ৰমাণ হৈছে। মূল্যবৃদ্ধিয়ে টেটুচেপা দিয়া দেশৰ জনতাৰ ওপৰত আন এক মাধমাৰ শোধাই এপ্ৰিল মাহৰ পৰা দেশত বৃদ্ধি কৰা হৈছে প্ৰতি বিধ দৰৱৰে দাম। ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান সমূহে নৰেন্দ্ৰ মোদীৰ চৰকাৰক ঔষধৰ দাম কমেও ২০ শতাংশ বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ আগবঢাইছিল সেই প্ৰস্তাৱত চৰকাৰে ইতিমধ্যে সেউজ সংকেত দিছিল।
সেয়ে এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ভিটামিনকে ধৰি আন সকলো দৰৱৰ দাম কমেও ২০ শতাংশ বৃদ্ধি পাব পাৰে বুলি নেছনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটিয়ে প্ৰকাশ কৰিছিল আৰু এতিয়া সেয়া কাৰ্যকৰী হৈছে।মোদীৰ চৰকাৰে ২০২০ চনত দৰৱৰ হোলচেল প্ৰাইচ ইনডেক্স ০.৫ শতাংশলৈ পৰিৱৰ্তন কৰিছিল। ক’ৰ’ণাৰ সংহাৰ চলি থকাৰ সময়তে চৰকাৰে ক’ৰ’ণাৰ চিকিৎসাৰ লগতে আন ৰোগৰ চিকিৎসাতো ব্যৱহাৰ হোৱা হেপাৰ্ৰিন ইঞ্জেকছনৰ মূল্য একে কোবে ৫০ শতাংশ বৃদ্ধি কৰি দৰৱ বিধৰ মূল্যৰ ক্ষেত্ৰত আমূল ‘পৰিৱৰ্তন’ সাধন কৰিছিল।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ থকা মোদীৰ চৰকাৰে হৃদৰোগৰ পৰা আৰম্ভ কৰি ভিটামিন আৰু আন প্ৰায় সংখ্যক ঔষধ প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল চীনৰ পৰা আমদানি কৰি আহিছে।