Local, Vocal, Global

জীৱনৰ নিৰাপত্তা বিচাৰি দিছপুৰ থানাত AAPৰ নেত্ৰী

নিউজ ডেক্স,১১ জুলাই : ভয়-ভাবুকি প্ৰদান আৰু হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত অমন হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত অভিযোগ আপৰ নেত্ৰী অৰ্পিতা চক্ৰৱৰ্তীৰ।

দুবছৰ পূৰ্বে মহানগৰী সাতগাঁৱৰ যুৱক অমনৰ সৈতে চিনাকি হৈছিল আপৰ নেত্ৰী অৰ্পিতা চক্ৰৱৰ্তী। SMART GUARD EDGE নামৰ কোম্পানীটোৰ গৰাকী অমনৰ লগতে প্ৰথমে কাম কৰিছিল অৰ্পিতাই ৷ কিন্তু অৰ্পিতাই আপত যোগদান কৰি ৰাজনীতিৰ পথাৰত নমাৰ পিছতে অমনে কোম্পানীটো আগবঢ়াই নিবলৈ সহায় বিচাৰি ডেৰ লাখ টকা ধাৰ হিচাপে লৈছিল অৰ্পিতাৰ পৰা ৷

অভিযোগ মতে, নিজকে হিন্দু যুৱক বুলি পৰিচয় দিয়া অমনে প্ৰেমৰো প্ৰস্তাৱ দিছিল অৰ্পিতাক ৷ কিন্তু অমনৰ প্ৰকৃত পৰিচয় গম পোৱাত অৰ্পিতাই প্ৰেম প্ৰত্যাহাৰ কৰে আৰু ধনখিনি ঘুৰাই বিচাৰে।

অৰ্পিতাৰ অভিযোগ, ধনখিনি ঘূৰাই বিচাৰিলেই অমনে বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰাৰ উপৰি কিছুদিন পূৰ্বে ঘৰত আহি মাৰধৰ কৰিছিল ৷ অৱশেষত উপায়হীন হৈ অৰ্পিতাই দিছপুৰ থানাত অমন হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ ৷

এই এজাহাৰৰ ভিত্তিত অমন হাজৰিকাক দেওবাৰে নিশা আটক কৰি আনে যদিও সোধা-পোছাৰ অন্তত যাবলৈ দিয়ে৷ সম্প্ৰতি নিৰাপত্তাহীনতাত ভোগা আপৰ নেত্ৰী অৰ্পিতা চক্ৰৱৰ্তীয়ে নিজৰ নিৰাপত্তা বিচাৰি আৰক্ষীলৈ অনুৰোধ জনাইছে ৷