Local, Vocal, Global

মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত জুই লগাৰ ফলত ১০ জন কোভিড ৰোগীৰ মৃত্যু

শনিবাৰে মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলা চিকিৎসালয়ত এক গুৰুতৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ১০ জন কৰোনাভাইৰাছ ৰোগী নিহত হয়, আৰু এজন লোক আহত হয়।

সূত্ৰঅনুসৰি, চিকিৎসালয়ৰ আইচিইউ (ইণ্টেন্সিভ কেয়াৰ ইউনিট)ত ২৫ জন ৰোগীক ভৰ্তি কৰোৱা হৈছিল, আৰু ঘটনাটোত তেওঁলোকৰ ছয়জন গুৰুতৰভাৱে দগ্ধ হৈছিল। আহমেদনগৰ জিলা সংগ্ৰাহক ৰাজেন্দ্ৰ ভোচালে ১০ জন কোভিড-১৯ জন ৰোগীৰ মৃত্যু নিশ্চিত কৰিছে।

আহমেদনগৰ পৌৰ নিগমৰ অগ্নি নিৰ্বাপক বিভাগৰ মুৰব্বী শংকৰ মিছালে কৈছিল যে শনিবাৰে পুৱা প্ৰায় ১১ বজাত জুই লাগিছিল । ইফালে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাটোত শোক প্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। অমিত শ্বাহে টুইট কৰি কয়, “মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা হৃদয়বিদাৰক দুৰ্ঘটনাত গভীৰ ভাৱে দুখিত। এই দুখৰ সময়ত, শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছেও ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু গভীৰ তদন্তৰ দাবী জনাইছে।