Local, Vocal, Global

০.০১ ছেকেণ্ড,এটা উশাহতকৈয়ো কম সময়ৰ ব্যৱধানৰ বাবে থমকিল হিমা দাস

নিউজ ডেস্ক, ৬ আগষ্ট : কমনৱেলথ গেমছত ২০০ মিটাৰ মহিলাৰ দৌৰত পদকৰ দাবীদাৰ হৈ থকা ভাৰতৰ হিমা দাস ০.০১ ছেকেণ্ড,এটা উশাহতকৈয়ো কম সময়ৰ ব্যৱধানৰ বাবে থমকিল ৰ’ল।

২৪ জন প্ৰতিযোগীৰ অন্তিম দৌৰত, তেওঁ যোৱা নিশা অনুষ্ঠিত হোৱা ছেমি ফাইনেলত দশম স্থান লাভ কৰে। আনহাতে আজিৰ খেলখনৰ চেম্পিয়নশ্বিপ অনুস্থিত হ’ব।

শিৱ থাপা, লভলিনা বৰগোহাঁই আৰু এতিয়া হিমা দাসে তেওঁলোকৰ নিজ নিজ শ্ৰেণীত দুৰ্বল প্ৰদৰ্শন কৰিছিল, যাৰ ফলত অসমে ৰাষ্ট্ৰক সন্মান জনোৱাৰ আশাৰ অন্ত পৰিছিল। কেৱল নয়নমনী শইকীয়াই মহিলাৰ লন বলত স্বৰ্ণ জয় কৰিছিল।