Local, Vocal, Global

কমনৱেলথ গেমছ, ২০২২ ত ভাৰতীয় খেলুৱৈসকলৰ বাবে এনথেম হৈ পৰে নিলোৎপল বৰাৰ গান ‘Shaabaash’

নিউজ ডেস্ক, ৬ আগষ্ট : অসমৰ প্ৰখ্যাত গায়ক নিলোৎপল বৰাৰ গান ‘Shaabaash’ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২২ ত ভাৰতীয় খেলুৱৈসকলৰ বাবে এনথেম হৈ পৰিছিল।

ফেচবুকত এটা প’ষ্ট শ্বেয়াৰ কৰি তেওঁ শিৰোনাম দিছিল, “এতিয়ালৈকে মোৰ সংগীত কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ খবৰ, মোৰ গান “চাব্বাছ” কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ বাবে এনথেম হৈ পৰিছে।”

গানটো শুক্ৰবাৰে কুস্তি অনুষ্ঠানৰ সময়ত ভাৰতীয় খেলুৱৈসকলে খেলি থকাৰ সময়ত বজোৱা হৈছিল।

‘চাব্বাছ’ গানটো ১৫ জুলাইত মুক্তি প্ৰাপ্ত জিতেন্দ্ৰ কুমাৰ, জাৱেদ জাফেৰী অভিনীত নেটফ্লিক্স চলচ্চিত্ৰ জাদুগৰৰ।

নিলোৎপল বৰা ৱেব চিৰিজ ইলেক্ট্ৰিছত কৰা তেওঁৰ কামৰ বাবে শ্ৰেষ্ঠ মূল ধ্বনি ট্ৰেক শ্ৰেণীৰ (best original sound track category) বাবে ২০২১ চনত ফিল্মফেয়াৰ OTT বঁটাৰ (Filmfare OTT awards in 2021)বাবে মনোনীত হৈছিল।