Local, Vocal, Global

মহিলাৰ ফ্ৰীষ্টাইল ৬২ কিলোগ্ৰামফাইনেলত সোণৰ পদক অৰ্জন কৰে সাক্ষী মালিকে

নিউজ ডেস্ক, ৬ আগষ্ট : ভাৰতীয় মল্লযোদ্ধা সাক্ষী মালিকে (Sakshi Malik) শুকুৰবাৰে বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ ত মহিলাৰ ফ্ৰীষ্টাইল ৬২ কিলোগ্ৰামফাইনেলত আনা পাওলা গডিনেজ গঞ্জালেজক (Ana Paula Godinez Gonzalez) পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।

৪-০ ৰ ব্যৱধান অতিক্ৰম কৰি ২৩ অনুৰ্ধৰ বিশ্ব চেম্পিয়ন আনা গডিনেজক পিনক পৰাজিত কৰে।

উল্লেখ্য যে, মালিকে কেমেৰুনৰ ইটানে নগলক ১০-০ ৰাণত পৰাস্ত কৰি কাৰিকৰী শ্ৰেষ্ঠতাৰ ভিত্তিত ফাইনেললৈ গৈছিল।