ৰাজ্যত কৰ’নাত মৃত্যুৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি By MyNewsNE Desk On Jun 10, 2020 Last updated Jul 19, 2020 Share কৰ’নাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হ’ল আৰু এজন লোকৰ। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পাটালত চিকিৎসাধীন হৈ আছিল লোকজন। মৃত লোক জনৰ নাম কমল কৃষ্ণ পাল। ৬৭ বছৰীয়া কমল কৃষ্ণৰ ঘৰ তেজপুৰৰ নতুনপাৰাত। Related Posts Assam | Lumding news: সংৰক্ষিত বনাঞ্চলৰ পুখুৰীত বন্ধুৰ লগত… Aug 31, 2025 Assam | Raowta news: ঘোষণা কৰা হ’ল BPF ৰ দ্বিতীয়খন… Aug 31, 2025 Watch | Rangia news: ৰঙিয়াৰ মৰাণজানাত বিষপান কৰি মৃত্যুবৰণ… Aug 31, 2025 পত্নীসহ ২৯ মে’ত মুম্বাইৰ পৰা বিমানযোগে আহিছিল পাল দম্পত্তী। ২৯মে’ৰ পৰাই তেজপুৰৰ হোটেল ডিএলত কোৱাৰেন্টিনত থকা পাল দম্পত্তীৰ দেহত ৩১মে’ত কৰ’না পজিটিভ চিনাক্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল। কমল কৃষ্ণ পাল কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ। সম্প্ৰতি পত্নী ভাৰতী পালো কৰ’নাত আক্ৰান্ত হৈ তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে বুলি জনাইছে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত সত্যজিত চেতিয়া ।বুধবাৰে মৃত্যু ঘটা এই লোকজনকে ধৰি এই পৰ্যন্ত অসমত কৰ’নাত মৃতকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। Share FacebookTwitterReddItWhatsAppPinterestEmail