৪৬৫ দিনৰ পাছত সাগৰ তলিৰ পৰা উদ্ধাৰ ফোন, পূৰ্বৰ দৰেই সক্ৰিয় ফোনটো…

এবছৰতকৈও অধিক সময় ধৰি সাগৰৰ তলত পৰি আছিল এটা মোবাইল ফোন।
সাগৰে কাৰো কোনো ঋণ নাৰাখে এই কথা প্ৰমাণিত হ’ল এই ঘটনাটোৰ দ্বাৰা
গতিকে ৪৬৫ দিন পাৰ হৈ যোৱাৰ পাছতো ফোনটো সাগৰ তলিৰ পৰা উদ্ধাৰ হ’ল।
যোৱা বছৰৰ আগষ্ট মাহত হেম্পশ্বাৰত নাও চলোৱাৰ সময়ত ৩৯ বছৰীয়া ক্লেয়াৰ এটফিল্ড নামৰ এগৰাকী মহিলাৰ এপল আইফোন হঠাতে পানীত পৰিছিল। স্বাভাৱিকতে যেতিয়া এটা ফোন সাগৰত পৰি যায়, তেতিয়া কোনেও সেই ফোনটো উদ্ধাৰ কৰাৰ আশা নকৰে। ক্লেয়াৰেও চেষ্টা এৰি দিছিল । তেওঁ ফোনটোৰ আশা বাদ দিলে।
কিন্ত হঠাৎ এদিন সাগৰৰ পাৰত পোহনীয়া কুকুৰৰ সৈতে খোজ কাঢ়ি যোৱা এজন ব্যক্তিয়ে ক্লেয়াৰেৰ ফোনটো দেখিলে। মানুহজনে তাৰ পৰাই ফোনটো অন কৰি ক্লেয়াৰৰ সৈতে যোগাযোগ কৰিলে।হয়তো সাগৰৰ ঢৌৱে ফোনটো পাৰত থৈ গৈছিলহি।

নিজৰ ফোনটো ঘূৰাই পাবলৈ উত্তেজিত হৈ থকা ক্লেয়াৰিয়াই ফোনটো পাই আচৰিত হৈ পৰিছে কাৰণ ৪৬৫ দিন পানীত থকা ফোনত বৰ্তমানেও কাম কৰি আছে এই কথা ক্লেয়াৰিয়াই বিশ্বাসেই কৰিব পৰা নাই যে ইমান দিন সাগৰৰ তলিত থকাৰ পাছতো ফোনটোৱে কেনেদৰে কাম কৰি আছে।
এই ঘটনাৰ পিছত ক্লেয়াৰে নতুন ফোন এটা কিনিলে যদিও পুৰণি ফোনটো ঘূৰাই পোৱাৰ আনন্দ ক্লেয়াৰৰ মুখত বৰ্তমানেও ভাহি আছে৷