নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এবিএছইউ ৰ দুজন সদস্যক আক্ৰমণ…

ওদালগুৰিত ড্ৰাগছ আসক্তৰ আক্ৰমণ দুই এবিএছইউ সদস্যক।এক আচৰিত ঘটনা সংঘটিত হৈছে অসমৰ ওদালগুৰি জিলাত।ড্ৰাগছ আসক্ত লোকৰ আক্ৰমণৰ অভিযোগ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন (এবিএছইউ)ৰ দুজন সদস্যক।গুৰুতৰভাৱে আহত হৈছে এবিএছইউ ৰ সদস্য দুজন।শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা এবিএছইউ সদস্য় দুজন হৈছে মিথিংগা বসুমতাৰী আৰু কোষাধ্যক্ষ অৰ্কিহিতা বসুমতাৰী।
বাতৰি অনুসৰি এবিএছইউৰ সদস্যসকলে বৃহস্পতিবাৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছিল।অভিযানত সোনাই অঞ্চলৰ পৰা নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ অভিযান আৰম্ভ কৰিছিল।অভিযানৰ সময়তে মিথিংগা বসুমতাৰী আৰু কোষাধ্যক্ষ অৰ্কিহিতা বসুমতাৰীক এটা দূৰ্বত্তৰ দলে দুয়োজনত আক্ৰমণ কৰে।আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় এবিএছইউ সদস্য দুজন।
ঘটনাস্থলীত ওদালগুৰি আৰক্ষী উপস্থিত হৈ দুই দূৰ্বত্তক আটক কৰে।আটক কৰা লোক দুজন ৰোমিঅ দৈমাৰী আৰু মনোজ দৈমাৰী বুলি চিনাক্ত কৰা হৈছে।
আহত লোক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ ।বৰ্তমান তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে।