Local, Vocal, Global

৩০০ ফুট পাহাৰীয়া শিলৰ উচ্চতাত এটা বিশেষ মন্দিৰ

বকো, ১৫ এপ্ৰিল : আজি অসমীয়া নৱবৰ্ষৰ ২ ব’হাগ। পৰম্পৰাগত নীতি নিয়ম অনুসৰি আধ্যাত্মিকতা ভাৱ দৰ্শনত মগন দৰ্শনাৰ্থী । ২য় বহাগৰ দিনটোতে এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে বকোৰ বৰুৱাৰ ঐতিহ্যমণ্ডিত বৰশিল বিষ্ণু মন্দিৰত।

পৌৰাণিক ঐতিহ্য সভ্যতা অক্ষুণ্ণ ৰাখি প্ৰায় ৩০০ ফুট উচ্চতা পাহাৰৰ শিখৰৰ শিলৰ ওপৰত আছে এই পৱিত্ৰ পবিত্ৰ ধৰ্মীয় স্থানটো । নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বকোৰ বৰুৱাৰ এই মন্দিৰটোৰ চৌপাশ।

এক অনুপম দৃশ্য। এনেদৰে ১ আৰু ২ বহাগৰ দিনা ৩খন গাঁৱৰ ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা শ শ দৰ্শনাৰ্থীয়ে ভিৰ কৰেহৈ মদ্দিৰটোত। লোকবিশ্বাস অনুসৰি, বৰশিল বিষ্ণু মন্দিৰত আশীৰ্বাদ ল’লে দৰ্শনাৰ্থীৰ মনোবাঞ্চা পূৰ্ণ হয়। বিষ্ণু মন্দিৰত আৰ্শীষ লৈ পৱিত্ৰ মন্দিৰটোৰ পৰাই মনৰ ভাৱ প্ৰকাশ কৰিলে দৰ্শনাৰ্থীয়ে ।

আনহাতে বৰবিষ্ণু মন্দিৰৰ দ্বাৰ উন্মোচন কৰে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৰশিল বিষ্ণু মন্দিৰ কমিটিৰ বিষয়ববীয়া সকলেও মন্দিৰ ভাগৰ বিশেষত্বৰ ওপৰতো প্ৰকাশ কৰিলে মনোভাৱ ।

এনেদৰেই ২য় বহাগৰ দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰে বকোৰ ঐতিহ্যমণ্ডিত বৰশিল বিষ্ণু মন্দিৰ ।নিজৰ মনোবাঞ্চা পুৰণৰ বাবে ধূপ চাকি শলিতা নৈবদ্য আগবঢ়ায় নেদেখা জনৰ ওচৰত আৰ্শীষ গ্ৰহণ কৰে দশনাৰ্থী সকলে ।আমিও আশা কৰো আজিৰ এই পৱিত্ৰ দিনটোৰ পৰাই যেন সকলোৰে জীৱনলৈ আহক সুখ শান্তি লমৃদ্ধিৰ ভঁৰাল ।

লগতে পঢ়ক : youth died after falling into Champabati River while bathing : চম্পাৱতী নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ