Local, Vocal, Global

Health benefits of tamarind : তেতেলীৰ আছে বহু উপকাৰী গুণাগুণ;বহু ৰোগ নিৰাময়ত উপকাৰী তেতেলী

তেতেলীৰ এবিধ বৰ উপকাৰী ফল । পকা তেতেলীৰ টেঙা-মিঠা সোৱাদ সকলোৱে ভাল পায় । তেতেলি দাইলত দি, শাকৰ আঞ্জাত দি, জেলী বনাই,চাতনী বনাই, চৰ্বত বনাই খাবৰ পাৰি ।

যিসকলে টেঙা ভাল পায়, তেওঁলোকৰ বাবে ফলৰ ভিতৰত পচন্দৰ প্ৰথম শাৰীত থাকে তেতেলী। দক্ষিণৰ ৰন্ধন প্ৰণালীত বহুলভাৱে ব্যৱহৃত এই এচিডিক ফলৰ ব্যৱহাৰ আমাৰ ৰন্ধন প্ৰণালীত কম। কিন্তু যিসকলে টেঙা ভাল পায় তেওঁলোকৰ বাবে তেতেলী অন্যতম প্ৰিয় (Health benefits of tamarind)।

বসন্তকালৰ পৰা বজাৰত ভাল পকা তেতেলী পোৱা যায় ৷ কেঁচা আৰু পকা তেতেলী দুয়োটা শৰীৰৰ বাবে উপকাৰী ৷ তেতেলীত ভিটামিন C, ভিটামিন E, ভিটামিন B পোৱা যায় । ইয়াৰ উপৰিও কেলচিয়াম,আইৰণ,ফছফৰাছ,পটাছিয়াম পোৱা যায় ।

ই শৰীৰক গৰমৰ তীব্ৰতাৰ পৰা শীতল কৰি ৰাখে ৷ ইয়াৰ বাহিৰেও তেতেলীৰ আন গুণাগুণ আছে৷

আঁহ সমৃদ্ধ তেতেলীয়ে শৰীৰৰ বিপাক শক্তি বৃদ্ধি কৰে ৷ ই পাচন কাৰ্য স্বাস্থ্যকৰ কৰি ৰাখে ৷ আহাৰত নিয়মীয়াকৈ তেতেলী থাকিলে হজম প্ৰক্ৰিয়া দ্ৰুত হয়৷

তেতেলীত থকা পটাছিয়ামে ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ নিয়ন্ত্ৰণ কৰে৷ ই শৰীৰত তৰলৰ ভাৰসাম্য বজাই ৰাখে৷ তেতেলীৰ আইৰণে শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰে৷ তেজৰ প্ৰবাহ ঠিক কৰি ৰাখে।

তেতেলীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যৌগবোৰৰ ভিতৰত এটা হ’ল হাইড্ৰক্সিচাইট্ৰিক এচিড (HCA)। এই যৌগটোৱে জমা হোৱা অতিৰিক্ত চৰ্বি গলি ওজন হ্ৰাস কৰাত আৰু ক্ষীণ হোৱাত সহায় কৰে। ইয়াৰ ফলত যথেষ্ট আঁহ থাকে। ফলস্বৰূপে তেতেলী খোৱাৰ ফলত পাকস্থলী ভৰ্তি হৈ থাকে। জাংক আৰু উচ্চ কেলৰিযুক্ত খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস হয়।

তেতেলীত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট থাকে৷ এইবোৰৰ প্ৰভাৱৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ ই জীৱাণু আৰু ভেঁকুৰৰ সংক্ৰমণৰ আশংকা হ্ৰাস কৰে৷ ইয়াৰ এণ্টিচেপ্টিক গুণাগুণে যিকোনো সংক্ৰমণ আৰোগ্য কৰে৷

তোতোলীৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে আৰ্থ্ৰাইটিছ, গাঁঠিৰ বিষ আৰু অন্যান্য কষ্টৰ পৰা সকাহ দিয়ে। আয়ুৰ্বেদত ভেষজ হিচাপে প্ৰাচীন কালৰ পৰাই তেতেলীৰ ব্যৱহাৰ হৈ আহিছে।

তেতেলী ভিটামিন-এ সমৃদ্ধ ৷ চকুৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে তেতেলী অত্যাৱশ্যকীয়৷ তেতেলী ছানি পৰা, ৰেটিনাৰ সমস্যাকে ধৰি চকুৰ অন্যান্য সমস্যা নিয়ন্ত্ৰণ কৰে৷ বয়স বৃদ্ধি হোৱাৰ লগে লগে দৃষ্টিশক্তিৰ সমস্যা হয়৷ যদি আপুনি তেতেলী খায় তেন্তে শুকান চকুৰ সমস্যা নিৰাময় কৰিব পাৰি৷ ।

তেতেলী খালে হজন শক্তি আৰু বিপাক সঠিক ভাৱে হয় ।

তেতেলীত থকা পটাছিয়ামে ৰক্তচাপ আৰু হৃদয়স্পন্দনৰ হাৰ নিয়ন্ত্ৰণ কৰে ।