হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ

“হিমাচল প্ৰদেশলৈ অহা পৰ্যটকলৈ কোনো বাধা নাই”- বুলি কৈ ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ৰাম ঠাকুৰে আৰু কিছু গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়ায়। মন্তব্য়ত তেঁও কয় যে পৰ্যটন আৰু হোটেল উদ্য়োগে ৰাজ্য়খনৰ জিডিপিৰ ৭শতাংশ অৰিহণা যোগায়। পৰ্যটনৰ সময়ছোৱাত সাধাৰণতে ৰাজ্য়খনত প্ৰায় ২কোটিৰো পৰ্যটকৰ আগমণ ঘটে। লগতে তেঁও কয় যে কোভিড-১৯ লকডাউনৰ সময়ত ব্য়ৱসায় সমূহ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল। শেহতীয়াকৈ ৰাজ্য়খনৰ ব্য়ৱসায় বৃদ্ধি হোৱাৰ আৰম্ভণিতেই ভাইৰাছটিৰ আনটো ঢৌৱে পুনৰাই আঘাত প্ৰাপ্ত কৰাৰ সন্দেহত বৰ্তমানৰ বাবে পৰ্যটকৰ ওপৰত কোনো বাধা আৰোপ নকৰি কোভিড পৰিস্থিতি নিৰীক্ষণ কৰিব বুলি ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে মন্তব্য় কৰে। উল্লেখ্য় যে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ মতে ৰাজ্য়খনত কোভিড-১৯ৰ ৪,৬৫৯ ৰোগী সক্ৰিয় হৈ আছে।