সৰ্বভাৰতীয় পৰ্যায়ত নলবাৰীৰ চিকিৎসক ডাঃ যশোধন ডেকাৰ কৃতিত্ব

গুৱাহাটী,১২ জানুৱাৰী:মধ্য প্ৰদেশৰ ইন্দোৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান সমাজে যোৱা ৯ জানুৱাৰীত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ সৰ্বভাৰতীয় সন্মিলনত ডাঃ আশা বক্সিৰ নেতৃত্বত এদিনীয়া ভাৰ্চুৱেল লেপাৰোস্কোপী কৰ্মশালা আয়োজন কৰিছিল,য’ত জটিল গাইনেক লেপাৰোস্কোপী অস্ত্ৰোপচাৰ সমগ্ৰ দেশৰ বিশেষজ্ঞসকলৰ দ্বাৰা কৰা হৈছিল আৰু প্ৰদৰ্শন কৰা হৈছিল।
নলবাৰী প্ৰসূতি চিকিৎসালয় আৰু সাৰথি চিকিৎসালয়ৰ পৰামৰ্শদাতা লেপাৰোস্কোপিক শল্য চিকিৎসক ডাঃ যশোধন ডেকাক উক্ত সন্মিলনলৈ অপাৰেটিং ফেকাল্টি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি এজন স্ত্ৰীৰোগ বিশেষজ্ঞই এআইচিঅ’জিত লেপাৰোস্কোপিক অপাৰেটিং ফেকাল্টি হিচাপে অস্ত্ৰোপচাৰ কৰাৰ সুবিধা লাভ কৰিছিল।ইয়াৰ লগে লগে আমাৰ অঞ্চলত এণ্ডস্কোপীৰ ক্ষেত্ৰ খনৰ বিকাশৰ বাবে এক নতুন পথ প্ৰশস্ত কৰিছে। ডাঃ যশোধন ডেকাই এণ্ডোমেট্ৰিওচিছ (চোক্লেট চিষ্ট)ৰ দুটা গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ কৰিছিল য’ত তেওঁৰ কামক যথেষ্ট প্ৰশংসা কৰা হৈছিল। ডাঃ যশোধন ডেকা হৈছে ৰাষ্ট্ৰীয় মঞ্চৰ এনে এখন সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ কম বয়সীয়া দক্ষ চার্জন।