Local, Vocal, Global

লাড্ডাখ : শনিবাৰে লেঃ জেনেৰেল পৰ্যায়ৰ আলোচনা

যোৱা প্ৰায় এমাহ ধৰি সঘনে সংবাদ শিৰোনামা দখল কৰি আহিছে লাড্ডাখ প্ৰসংগই। কাৰণ এটাই। চীন-ভাৰত সীমা সংঘাত। শনিবাৰ অৰ্থাৎ কাইলৈ সেই লাড্ডাখতে মূখা-মুখী হ’ব চীন আৰু ভাৰতীয় সেনাৰ উচ্চ বিষয় ববীয়া সকল। পিছে যুদ্ধৰ বাবে নহয়, আলোচনাৰ বাবেহে মিলিত হ’ব দুয়ো দেশৰ সেনা বিষয়া সকল। লাড্ডাখক লৈ শেহতীয়া পৰিস্থিতিৰ অৱসান কামনাৰেই চীন ভাৰতৰ মাজত আয়োজন কৰা হৈছে এই লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ বৈঠক খনৰ। চীনা বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ জেং ছুৱাঙৰ মন্তব্য দুয়োখন দেশৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মেকানীজিম আছে। সেই মতে আগ বাঢ়িলেই সকলো ঠিক হব। অৱশ্যে লাড্ডাখৰ পৰিস্থিতি এতিয়া স্বাভাৱিক বুলি মন্তব্য কৰিছে তেওঁ।  শনিবাৰে লাড্ডাখৰ চুছুল এলেকাত হ’ব এই বৈঠক।