Local, Vocal, Global

লক্ষ ২০২১, কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু

কৰ’নাৰ আতংকৰ মাজতে আগন্তুক বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত চলিছে নিৰ্বাচনী কুচ কাবাজ। আজি এক সংবাদ মেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই।  বৰাই কয় বিজেপিৰ অবাধ চিণ্ডিকেটৰাজ তথা দুৰ্নীতি হ’ব ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মূল ইছ্যু।    সংবাদমেলত তেওঁ কয় যে, দিহিং-পাটকাইৰ অবৈধ কয়লা খননৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিলৈকে সকলোতে শাসক দলৰ চিণ্ডিকেটৰাজ তথা অবাধ দুৰ্নীতি চলিছে। নিৰ্বাচনী ইস্তাহাৰত পৰিৱেশ সংৰক্ষণৰ আশ্বাস দিয়া বি  জে পি এতিয়া    ডিব্ৰু-চৈখোৱা, দিহিং-পাটকাইৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰিছে। তদুপৰি প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নীধি আঁচনিৰ নামত বিজেপিয়ে মাছৰ তেলেৰে মাছ ভঁজা বুলিও কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। ৰাজ্যত কৃষক সন্মান নীধিৰ বিয়াগোম দূৰ্নীতিৰ বিৰূদ্ধে চি বি আই তদন্তৰ দাবি তুলি কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে  ৰিপুন বৰাই।