Local, Vocal, Global

লতা মংগেশকাৰৰ স্বাস্থ্য সম্পৰ্কে চিকিৎসালয় কৰ্তৃপক্ষৰ আহ্বানঃভুৱা খবৰ নিবিয়পাব

ডিজিটেল ডেস্কঃ কোভিড আক্ৰান্ত লতা মংগেশকাৰৰ স্বাস্থ্য কিছু উন্নত হৈছে। কোভিডৰ উপৰিও নিউমোনিয়াত আক্ৰান্ত হোৱা লতা মংগেশকাৰ অৱশ্যে বৰ্তমানেও আই চি ইউত চিকিৎসাধীন হৈ আছে। ইয়াৰ মাজতে আকৌ একাংশই কিংবদন্তি গায়িকাগৰাকীৰ স্বাস্থ্য সম্পৰ্কে ভুৱা খবৰো প্ৰচাৰ কৰিছে।

মুম্বাইৰ ব্ৰিটিছ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভাৰতীয় নাইটিংগেল খ্যাত কণ্ঠ শিল্পীগৰাকী। চিকিৎসালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, লতা মংগেশকাৰৰ স্বাস্থ্যৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও তেওঁ বিপদমুক্ত নহয়। তেওঁলোকে সকলোকে শিল্পী গৰাকীৰ স্বাস্থ্য সম্পৰ্কে ভুৱা বাতৰি নিবিয়পাবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে, কুকিলকন্থী গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিটিছ কেণ্ডি চিকিৎসালয়ত চিকিৎসক ডা০ সম্দানীৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে বুলিও এক খবৰ প্ৰকাশ পাইছিল। ইফালে সমগ্ৰ দেশতে এইগৰকী বৰ্ষীয়ান শিল্পীৰ স্বাস্থ্যৰ উত্তৰণৰ বাবে প্ৰাৰ্থনা চলিছে।