অসম-মেঘালয় সীমা বিবাদক লৈ সৰৱ হৈ পৰিছে বিৰোধী
ৰাজ্যত সৰ্বত্ৰে চৰ্চিত হৈ থকা সীমা সমস্যাক কেন্দ্ৰ কৰি আজি সৰৱ হৈ পৰে কংগ্ৰেছ।কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু দলটোৰ সভাপতি ভূপেন বৰাই জনোৱা মতে তেওঁলোকে সীমা বিবাদ নিস্পত্তিক লৈ একমত হ’লেও চৰকাৰে এই সিদ্ধান্ত হুৰমূৰকৈ আৰু একপক্ষীয় ভাৱে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে।
যোৱা ১৮ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম-মেঘালয় সীমা বিবাদ সম্পৰ্কত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত এখন ভূমি চুক্তি সম্পাদন হৈছিল আৰু যাৰ জৰিয়তে অসম-মেঘালয়ৰ সীমান্তৰ কেবাটাও স্থান অসম চৰকাৰে হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এই কাৰ্যত সৰৱ হৈ পৰিছে বিৰোধী।
আনহাতে,অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্ব এটি প্ৰতিনিধি দলে আজি অসম মেঘালয় সীমান্তৱৰ্তী লাম্পি এলেকা ভ্ৰমণ কৰে আৰু স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰে৷ প্ৰতিনিধি দলটোত আছিল জিয়াউৰ ৰহমান, ৰাজীব ভট্টাচাৰ্য, দেৱজিৎ অধিকাৰী, প্ৰিন্স ফাইজুল হক, পংকজ লোচন গোস্বামী, সঞ্জীৱ মহন্ত, মজিবুদ্দিন আহমেদ আদি।