Local, Vocal, Global

বুলি বাই এপৰ মূল অভিযুক্তক অসমত গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৬ জানুৱাৰীঃ দিল্লী আৰক্ষীয়ে ‘বুলি বাই’এপৰ গোচৰত গুৰুত্ত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ আই এফ এছ অ’ দলে মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। এই মূল অভিযুক্তজনক অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। এই কথা আই এফ এছ অ’ৰ ডি চি পি কেপি এছ মালহোত্ৰাই জনায়। অভিযুক্ত নীৰজ বিষ্ণু বুলি বাই এপৰ মূখ্য ষড়যন্ত্ৰকাৰী, সৃষ্টিকৰ্তা আৰু এপটোৰ মুখ্য একাউণ্টধাৰক।
          ২১ বছৰীয়া বি টেকৰ ছাত্ৰ নীৰজ বিষ্ণুৰ ঘৰ যোৰহাটত। নীৰজ ভূপালৰ ভেলোৰ ইনষ্টিটিউট অফ টেকন’লজীৰ ছাত্ৰ।
          আৰক্ষীয়ে ইয়াৰ পূৰ্বে গোচৰটোত জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। অসামৰিক অভিযান্ত্ৰিকৰ শিক্ষাৰ্থী বিশাল ঝাক বাংগালুৰুৰ পৰা, শ্বেতা সিং আৰু মায়াংক ৰাৱাটক  উত্তৰাখণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে।
          উল্লেখ্য যে এই এপটো গিথুব নামৰ প্লেটফৰ্মত সৃষ্টি কৰা হৈছে। এটা নিদিৰ্ষ্ট সম্প্ৰদায়ৰ মহিলাসকলক এপটোত বিড কৰা হৈছিল। ইয়াত কেৱল মহিলাসকলৰ মুখ দেখা পোৱা যায় যাক বুলি বাই কোৱা হয়। ইণ্টাৰনেট মাধ্যমত অতি এক্টিভ থকা মহিলাসকলক লক্ষ্য কৰি এই ব্যৱসায়টোৰে কোটি কোটি টকা উপাৰ্জন কৰিছিল।