বিশিষ্ট শিক্ষাবিদ–সমালোচক ড০ দিলীপ বৰুৱাৰ দেহাৱসানত MY NEWSNE ৰ শোক প্ৰকাশ

প্ৰখ্যাত শিক্ষাবিদ, লেখক আৰু সমালোচক ড০ দিলীপ বৰুৱাৰ বৃদ্ধ বয়সৰ ৰোগৰ বাবে বৃহস্পতিবাৰে বাসগৃহত মৃত্যু হয়।তেওঁৰ বয়স আছিল ৮৭ বছৰ।ড০ বৰুৱা পশ্চিম বংগৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী আছিল। তেওঁ বিদ্যাসাগৰ বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্ববিদ্যালয় আৰু কলকাতা বিশ্ববিদ্যালয়, সকলোপশ্চিম বংগৰ আৰু হিমাচল প্ৰদেশৰ চিমলাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজত অতিথি অধ্যাপক আছিল l ড০ বৰুৱাই আগতে চেইণ্ট এন্থনীকলেজ শ্বিলং, কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু কেইবাখনো কিতাপ ৰচনা কৰিছিল।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰুৱাৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে। বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই ড০ শৰ্মাই কয় যে সাহিত্য আৰু শিক্ষাক্ষেত্ৰৰ প্ৰতি ড০ বৰুৱাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
MY NEWSNE ৰ সমুহ কৰ্তৃপক্ষৰ ফালৰ পৰা মহান মনিষিজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হয়