Local, Vocal, Global

এটি দেৱ শিশুক লাগে আপোনাৰ সহায়ৰ হাত

সোণাৰিৰ এটি দেৱ শিশুক লাগে আপোনাৰ সহায়ৰ হাত

ছয় মাহ বয়সতে যকৃত ৰোগত আক্ৰান্ত

এটি দেৱ শিশু। ছয় মহীয়া শিশুটিৰ পিতৃ সোণাৰি ভজোৰ তৌফিক আলি আৰু মাতৃ ফাতমা খাতুন। জন্মৰেপৰা বিগত ছয়মাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছে শিশুটি । বিগত সময়ত অতি দৰিদ্ৰ পৰিয়ালটোৱে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতেলত চিকিৎসা চলাই প্ৰাৰম্ভিক পৰ্যায়ত হাৰনীয়াৰ অস্ত্ৰোপচাৰ কৰিছিল যদিও আজি ১৫ দিনে শিশুটিৰ দেহৰ বৰণ হালধীয়া হোৱাৰ লগতে প্ৰস্বাৱ ৰঙা হৈ পৰিছে আৰু সঘনাই আহাৰ গ্ৰহণ (দুগ্ধ পান) নকৰাত চিন্তিত হৈ পৰিছে শিশুটিৰ পিতৃ-মাতৃ। চিকিৎসকে শিশুটি জটিল যকৃত ৰোগত আক্ৰান্ত হোৱা বুলি পৰিয়ালৰ লোকক জানিব দি বহিঃৰাজ্যত নি চিকিৎসা কৰাৰ পৰামৰ্শ দিয়ে যদিও আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰাব পৰা নাই । আনহাতে কৰ’না মহামাৰীৰ ফলত ৰাজ্য চৰকাৰে নতুন নিয়মাৱলীৰ কাৰ্যকৰী কৰাৰ ফলত মাত্ৰ আধাবেলা দিন-সাজিৰা কৰা দূৰ্ভগীয়া পিতৃৰ দৈনিক ১০০ টকা উপাৰ্জনত পৰিয়াল পৰিচালনা কৰাৰ লগতে শিশুটিক উন্নত চিকিৎসা প্ৰদান কৰাবলৈ কঠিন হৈ পৰিছে। যাৰ ফলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীক সহায় বিচাৰি অনুৰোধ জনাইছে যাতে শিশুটিক বহি:ৰাজ্যলৈ চিকিৎসাৰ বাবে নিবলৈ সক্ষম হয়।   দৰিদ্ৰ পৰিয়ালটোক যদি কোনাে  ব্যক্তিয়ে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰে তেনেহলে

Branch  :-   Andhra Bank, Tinsukia branch

A/C HOLDER  :-   FATMA KHATOON

A/C NO.           :-   181110100040971IFSC CODE      :-   ANDB0001811

এই শাখাৰ যােগেদি সহায় আগবঢ়াব পাৰিব বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে