Local, Vocal, Global

বছৰৰ শেষৰ মাহটোত ‘বেচৰাম ৰং’ক লৈ হিন্দুক মনোকষ্ট দিয়া হ’ল নেকি?

শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান ছবিৰ ‘বেচাৰাম ৰং’ মুক্তিৰ পাছতে দেশত হুলস্থূল লাগে। গান অহাৰ লগে লগে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে৷ কিন্তু ছ’চিয়েল মিডিয়াত ছবিখন বৰ্জনৰ দাবী বৃদ্ধি হয়৷

গানটোত দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ মাজৰ অংগী-ভংগীৰ সময়ত দীপিকাই গেৰুৱা বিকিনি পিন্ধাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

কিছু লোকে গানটো অশ্লীল বুলি কয়৷ আনহাতে কিছু লোকে হিন্দুসকলৰ অনুভূতিক আঘাত কৰা বুলি অভিযোগ আনে৷ দীপিকাৰ কাপোৰৰ ৰং গেৰুৱা আৰু ‘নিৰ্লজ্জ ৰং’ৰ বাবে বিতৰ্কত সোমাই পৰে। গেৰুৱা ৰং হিন্দু ধৰ্মৰ সৈতে সম্পৰ্কিত বুলি দাবী কৰে।

বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে পাঠান চলচ্চিত্ৰৰ এই গানটো বলিউদত চলি থকা ধৰ্মীয় কাৰ্যসূচীৰ এটা উদাহৰণ বুলি কয়। কিছু ব্যৱহাৰকাৰীয়ে দীপিকা পাডুকনক জেএনইউ দলৰ সদস্য বুলিও অভিহিত কৰে।

এজন ব্যৱহাৰকাৰীয়ে কৈছিল যে বলিউডৰ পাঠান ছবিৰ অভিনেত্ৰী জেএনইউ দলৰ সদস্য দীপিকা পাডুকন আৰু শ্বাহৰুখ খান৷ দীপিকাৰ কাপোৰ গেৰুৱা আৰু গানটোৰ নাম নিৰ্লজ্জ ৰং। সেয়েহে মই চিনেমাখন বৰ্জন কৰিছো।

এজন ব্যৱহাৰকাৰীয়ে লিখিছিল যে নিৰ্লজ্জ ৰঙৰ গানটো দেখি তেওঁ অনুভৱ কৰিছিল যে দীপিকাই ইয়াতকৈ ভাল কৰিব পাৰিলেহেঁতেন। দীপিকাই নৃত্যৰ নামত গানটোত যি কৰি আছে সেয়া ভাল হোৱা নাই। দীপিকাই বহু চলচ্চিত্ৰত নৃত্য কৰিছে৷ য’ত কম কাপোৰ পিন্ধিছিল। পাঠানত যি কৰিছিল সেয়া অশ্লীল।

এজন ব্যৱহাৰকাৰীয়ে কৈছে যে ২০২০ চনত দীপিকা পাডুকন বামপন্থীসকলক সমৰ্থন কৰিবলৈ জেএনইউত উপস্থিত হৈছিল। ২০২০ চনৰ জানুৱাৰী মাহত মুখাপিন্ধা দুৰ্বৃত্তই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক আক্ৰমণ কৰিছিল৷ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদ তচ-নচ কৰিছিল। ইয়াৰ পিছতে দিল্লীকে ধৰি দেশৰ বহু ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে ঘটনাক গৰিহণা দি প্ৰতিবাদ কৰিছিল।

দীপিকা পাডুকনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল আৰু আক্ৰমণৰ বলি শিক্ষাৰ্থীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল। দীপিকা পাডুকনে সমবেত লোকসকলক সম্বোধন কৰা নাছিল।