Local, Vocal, Global

প্ৰবীণ সাংবাদিক গুণ বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘গুনাকৰ’ উন্মোচন

প্ৰবীণ সাংবাদিক , অধ্যাপক,সমাজ সেৱক গুণ বৰুৱাৰ অভিনন্দন গ্ৰন্থ ‘গুনাকৰ’ ৰ আজি তেওঁৰ নিজ বাসগৃহত উন্মোচন হয়। জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰজনীকান্ত গোস্বামীয়ে গ্রন্থখন উন্মোচন কৰে। তেঁও জীয়াই থকা অৱস্থাতে উন্মোচন কৰিবলৈ চেষ্টা কৰা এই গ্ৰন্থ খনৰ সম্পাদনা কৰিছে ড০ সীমান্ত ফুকন আৰু ধূৰ্জটি বৰুৱাই। সভা খনত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , সাহিত্যিক সোণাৰাম বৰুৱা , শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰ জ্যোতি মহন্তকে আদি কৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।