Local, Vocal, Global

ভ্ৰাম্যমাণ নাট্যজগতৰ বৰেণ্য ব্যক্তি কৃষ্ণ ৰয়ৰ জন্মদিন উদযাপন

আজি ভ্ৰাম্যমাণ নাট্যজগতৰ এগৰাকী বৰেণ্য ব্যক্তি কৃষ্ণ ৰয়ৰ জন্মদিন । পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত আজি কৃষ্ণ ৰয়ৰ নিজ বাসগৃহত  বৰ্ষীয়ান প্ৰযোজক গৰাকীৰ ৮০ বছৰীয়া জন্মদিন উদযাপন কৰা হয় । এনে ক্ষণতে কৃষ্ণ ৰয়ৰ মুখত জাতীয় সংগীত আৰু শিল্পী দশৰথ দাসৰ কন্ঠত যি গান নিগৰিত হ’ল সেই প্ৰেক্ষাপটে আজিৰ দিনটোত দিলে অনন্য ৰূপ । পাঠশালা প্ৰেছ ক্লাৱে আজি আনুষ্ঠানিকভাৱে উদযাপন কৰিলে বৰেণ্য ব্যক্তি গৰাকীৰ জন্মদিন । পাঠশালা প্ৰেছ ক্লাৱৰ সম্পাদক হীৰেণ কলিতাই আঁত ধৰা উক্ত অনুষ্ঠানত আজি জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰকে আদি কৰি লোকশিল্পী বসন্ত পাটগিৰি, জেষ্ঠ সাংবাদিক পুলু কুমাৰ শৰ্মা সহিতে কেইবাগৰাকী লোকে কেক কাটি আনুষ্ঠানিক ভাৱে জন্মদিন উদযাপন কৰে ।আনহাতে লোকশিল্পী বসন্ত পাটগিৰিয়েও আজি কৃষ্ণ ৰয়ৰ বাবে গাই স্বৰচিত গীত । উল্লেখযোগ্য যে আজি পাঠশালাৰ কেইবাগৰাকী গুণমুগ্ধৰ লগতে পাঠশালা উদয়ন সংঘ, পাঠশালা বজাৰ কমিতিকে আদি কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে  তেওঁক শুভকামনা জ্ঞাপন কৰে ।