Local, Vocal, Global

পুনৰ কংগ্ৰেছৰ হ’ব গোলাম

কংগ্ৰেছ এৰি যোৱাৰ ৪ মাহ হ’ল গোলাম নবী আজাদৰ৷ আজাদে কিন্তু পুনৰ কংগ্ৰেছলৈ উভতি অহাৰ চৰ্চা হ’ব ধৰিছে৷ গোলাম নবী আজাদৰ একালৰ সহকৰ্মী অখিলেশ প্ৰসাদ সিং আৰু জি-২৩ ৰ অন্যতম নেতা ভূপিন্দৰ সিঙে কংগ্ৰেছলৈ উভতি অহাৰ পথ প্ৰশস্ত কৰিছে।

ৰাহুল গান্ধীক সমালোচনা কৰাৰ পিছত কংগ্ৰেছ ত্যাগ কৰি আজাদে অক্টোবৰত ‘ডেমক্ৰেটিক আজাদ পাৰ্টি’ গঠন কৰিছিল। কিন্তু ৪ মাহত পিছত গোলাম নবী আজাদৰ মোহভঙ্গ হৈছে আৰু কংগ্ৰেছলৈ উভতি অহাৰ বাবে পথ প্ৰস্তুত কৰা হৈছে। আলোচনাও চলি আছে। এই ক্ষেত্ৰত অখিলেশ, ভূপিন্দৰ আৰু অম্বিকা চোনীক দায়িত্ব দিয়া হৈছে।

গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজাদে কৈছিল যে কেৱল কংগ্ৰেছেহে বিজেপিক পৰাস্ত কৰিব পাৰিব। ইয়াকো কয় যে কংগ্ৰেছৰ নীতিৰ বিৰোধী নহয়। সমস্যা কংগ্ৰেছৰ দুৰ্বল ব্যৱস্থাপনাৰ প্ৰতিহে। আজাদৰ এনে মন্তব্যৰ মাজতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ আহ্বায়ক দিগ্বিজয় সিঙে ৰাজহুৱাভাৱে পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তাৰ পিছত জি-২৩ নেতাসকলৰ মাজৰ এজন অখিলেশ প্ৰসাদ আৰু ভূপিন্দৰে আজাদৰ সৈতে যোগাযোগ কৰে। পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰাৰ লগতে পুৰণি দললৈ উভতি আহিবলৈও প্ৰস্তাৱ দিয়ে৷

তাৎপৰ্যপূৰ্ণভাৱে অলপতে বিহাৰ কংগ্ৰেছৰ সভাপতি হ’ল অখিলেশ প্ৰসাদ আৰু ভূপিন্দৰ সিঙক হাৰিয়ানাত কংগ্ৰেছৰ দায়িত্বত দিয়া হৈছে। এই সন্দৰ্ভত, আজাদৰ ‘ঘৰ ৱাপচি’ সম্পৰ্কে জল্পনা-কল্পনা চলি আছে।