Local, Vocal, Global

পশ্বিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰিত ভয়ংকৰ ৰে’ল দূৰ্ঘটনা

নিউজ ডেস্ক, ১৪ জানুৱাৰীঃ বৃহস্পতিবাৰে আবেলি পাটনাৰ পৰা গুৱাহাটীলৈ আহি থকা বিকানেৰ এক্সপ্ৰেছখন লাইনচ্যুত হয়। ১৫৩৬৬ নং গুৱাহাটীমুখী ৰেলখনৰ কমেও বাৰটা ডবা লাইনচ্যুত হয়। ডবাকেইটাত আছিল সৰ্বমুঠ ৫৭৭ গৰাকী যাত্ৰী।ৰে’লখনত আছিল সৰ্বমুঠ ১০৫৩ গৰাকী যাত্ৰী। দূৰ্ঘটনাৰ পিছতে স্থানীয় প্ৰশাসনে আৰম্ভ কৰে উদ্ধাৰ অভিযান। জলপাইগুৰি সদৰ হাস্পটালৰ পৰা ৩০ খন এম্বুলেঞ্চ উদ্ধাৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰাৰ লগতে জলপাইগুৰি আৰু শিলিগুৰিৰ চৰকাৰী তথা বেচৰকাৰী হাস্পটালসমূহত আহতক ভৰ্তি কৰোৱা হৈছে। ৰে’ল দূৰ্ঘটনাত নিহত হোৱা পৰিয়াললৈ ৫ লাখ টকা, গুৰুতৰভাৱে আহতসকললৈ ১ লাখ আৰু সামান্য আহতৰ বাবে ২৫ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে।
           ইপিনে নিশাই দূৰ্ঘটনাস্থলীত উপস্থিত হয় N.F Railway আৰু অসম আৰক্ষীৰ দল। বিশেষ ৰে’লেৰে অসমৰ ২৯০ জনকৈ যাত্ৰীক গুৱাহাটীলৈ আনিছে দলটোৱে। আহতসকলক গুৱাহাটীতে চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
             ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৰে’লৱে মন্ত্ৰী অশ্বীনী বৈঞ্চৱে। লগতে ঘটনাটোত শোক প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।আনহাতে ৰে’লৱে বোৰ্ডে দূৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।