Local, Vocal, Global

নুমলীগড়ত পিতৃত্বৰ গৌৰৱক লজ্জানত

নুমলীগড়ৰ ৪ নং ৰংবঙত পিতৃ দিৱসৰ দিনাই নিজ পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে ৩ বছৰীয়া কন্যা সন্তানক ৷
পিতৃ দিৱসৰ দিনটোতেই পিতৃত্বৰ গৌৰৱক লজ্জানত কৰি পিতৃয়ে হত্যা কৰিলে কন্যাসন্তানক ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে নুমলীগড়ৰ ৪ নং ৰংবঙত ৷ শনিবাৰে নিশা দুটি সন্তানসহ অচিন্ত্য ৰাজোৱাৰৰ পত্নী পিংকী আছিল সমীপৰে মাতৃৰ ঘৰত ৷ নিশা অচিন্ত্য শহুৰৰ ঘৰত উপস্থিত হৈ ৩ বছৰীয়া কন্যা সৰুমাইক লগত লৈ আহে নিজ ঘৰলৈ ৷ নিশাই কন্যাক মদৰ নিচাত মাতাল হৈ ডিঙি চেপি হত্যা কৰে অচিন্ত্য ৰাজোৱাৰে৷ দেওবাৰে পুৱা পোহৰলৈ আহে এই লোমহৰ্ষক ঘটনা ৷ ইতিমধ্যে নুমলীগড় আৰক্ষীয়ে হত্যাকাৰী পিতৃ অচিন্ত্যক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃত কনমানি শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ এই ঘটনাই সমগ্ৰ নুমলীগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷