নগাঁও ৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ ঘটনাৰ তদন্ত কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে
নিউজ ডেস্ক:শনিবাৰে নিশা নগাঁৱত আৰক্ষীৰ গুলীত প্রাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা আহত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ভৰিত গুলী লগা ছাত্ৰ নেতাজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে নিশাই কীৰ্তিকমল বৰাক GMCH ত ভৰ্তি কৰোৱা হয়।এই ঘটনাৰ পিছতে আৰক্ষীয়ে কীৰ্তিকমলক ষড়যন্ত্ৰমূলক ভাৱে গুলিওৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ।
এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।শনিবাৰে প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক আৰক্ষী বিষয়া প্ৰদীপ বনিয়াই গুলী চলোৱাৰ অভিযোগ।