Local, Vocal, Global

ৰেচনৰ দোকানত এলপিজি ছিলিণ্ডাৰ উপলব্ধ হ’ব

অতি শীঘ্ৰেই ৰেচনৰ দোকানত উপলব্ধ হ’ব ৰাজসাহাৰ্য্যযুক্ত পাঁচ কিলোগ্ৰামৰ এলপিজি ছিলিণ্ডাৰ । কেন্দ্ৰই দেশৰ ৰেচন প্ৰণালী বৃদ্ধি কৰিবলৈ আৰু ঘৰে ঘৰে গেছ বিতৰণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

অনাগত দিনত ৰেচন দোকানৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ চাউল ঘেঁহুৰ লগতে মাহজাতীয় শস্য আৰু খোৱা তেল উপলব্ধ হ’ব।

ৰেচন ব্যৱসায়ীসকলে দুবছৰ আগতে ৰেচন দোকানৰ পৰা এলপিজি গেছ সেৱা আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় খাদ্য আৰু বিতৰণ মন্ত্ৰালয়ৰ ওচৰত আবেদন কৰিছিল ।

অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে আজি কয় যে কেন্দ্ৰই এই প্ৰস্তাৱ নীতিগতভাৱে গ্ৰহণ কৰিছে।

তেওঁ কয়, “চৰকাৰে ৰেচন দোকানৰ পৰা ৰাজসাহায্যযুক্ত এলপিজি চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ সন্মত হৈছে। যদিও চৰকাৰে প্ৰথমতে ৰাজসাহায্যবিহীন চিলিণ্ডাৰ বিক্ৰী কৰাৰ কথা কৈছিল, সংগঠনটোৱে ৰেচন দোকানত গ্ৰাহকৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ বিক্ৰী কৰাৰ ওপৰত জোৰ দিছিল। যিটো কেন্দ্ৰই গ্ৰহণ কৰিছে। কিন্তু কেন্দ্ৰই সেই চিলিণ্ডাৰৰ মূল্য চূড়ান্ত কৰা নাই।”