Local, Vocal, Global

তিনি সন্তানক এৰি পৰম পুৰুষৰে পলাল পত্নী !

নিউজ ডেস্ক,১৭ এপ্ৰিল : তিনি সন্তানক এৰি পলাল আচমা। লগত লৈ গ’ল সোণৰ আ-অলংকাৰ। শিৱসাগৰ জিলাৰ গেলেকী শিঙিবিলত সংঘটিত হৈছে এই ঘটনা।

সুখৰ সংসাৰ এৰি বিবাহিত পুৰুষৰ সৈতে পলাল দুই সন্তানৰ মাতৃ আচমা। গেলেকী শিঙিবিলৰ মানিক আলিৰ পত্নী আচমা বেগমৰ আছিল সুখৰ সংসাৰ। স্বামীৰ সুখে মুৰত ধৰা আচমা বেগমে স্থানীয় আতিকুৰ ওৰফে তুতু নামৰ এজন বিবাহিত পূৰুষৰ সৈতে স্বামীৰ অজ্ঞাতে চলাই গৈছিল প্ৰেমৰ সম্পৰ্ক।

বিগত সময়ত কেইবাবাৰো অসংযত অৱস্থাত আতিকুৰ সৈতে ধৰা পৰিছিল আচমা। এই বিষয়ে পূৰ্বেও গেলেকী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল মানিক আলিয়ে।

কিন্তু যোৱা ১২ এপ্ৰিলৰ সন্ধিয়া ঘৰৰ পৰাই নিৰুদ্দেশ হয় আচমা বেগম। প্ৰথমে কোনো ধৰণৰ সূংসূত্ৰ নোলোৱাত নিৰুদ্দেশ সম্পৰ্কীয় এখন জাননী গেলেকী আৰক্ষী থানাত দাখিল কৰে মানিক আলিয়ে।

তাৰ পৰৱৰ্তী সময়ত আচমা বেগম স্থানীয় আতিকুৰ ওৰফে তুতু নামৰ লোকজনৰ সৈতে পলাই যোৱা বুলি জানিব পাৰে স্বামী মানিক আলিয়ে।

লগতে পঢ়ক : তিনিচুকীয়াৰ তৰাণি গাঁৱত পৰম্পৰাগত প্ৰথাৰে হাতীক গা ধুৱাই বিহু পালন