Local, Vocal, Global

প্ৰেমাস্পদক বিচাৰি বিলাসীপাৰাত হাহাঁকাৰ ম্যানমাৰৰ যুৱতীৰ

বিলাসীপাৰা,১৭ এপ্ৰিল : প্ৰেমাস্পদক বিচাৰি বিলাসীপাৰাত হাহাঁকাৰ ম্যানমাৰৰ যুৱতীৰ । প্ৰেমিকা অহাৰ খবৰ পাই ঘৰত তলা মাৰি পলাল প্ৰেমিক !

ম্যানমাৰৰ এগৰাকী যুৱতী, নাম থাণ্ডাৰ থয়ে। থাইলেণ্ডৰ পৰ্যটন স্থলীলৈ ফুৰিবলৈ গৈ থাণ্ডাৰ থয় নামৰ এই যুৱতীগৰাকীৰ পৰিচয় হয় অসমৰ বিলাসীপাৰাৰ জিন্নাত আনম নামৰ এজন যুৱকৰ সৈতে। আৰু তাৰ পাছতে দুয়োৰে গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক। দুয়ো দুয়োকে উপচাই দিলে নানা প্ৰতিশ্ৰুতিৰে। আৰম্ভ হ’ল ইজনৰ ঘৰলৈ সিজনৰ অহা-যোৱা। কথা চলিল সামাজিক আৰু আইন গতভাবে দুয়োৰে বিবাহ কাৰ্য সম্পন্ন কৰাৰ।

সংগ্ৰহ কৰা হল যাৱতীয় নথিপত্ৰ। ইমানলৈ সকলো ঠিকেই আছিল। কথামতেই যুৱতী গৰাকীয়ে বিবাহৰ বাবে বিলাসীপাৰা লৈ অহাৰ পাছতে থান-বানহৈ পৰিল যুৱতী গৰাকীয়ে নিজৰ বিয়াখনক লৈ দেখা সকলো সপোন। কিয়নো যুৱতী গৰাকী অহাৰ খবৰ পাই জিন্নাত আনমে ঘৰৰ দুৱাৰত লগালে তলা। বন্ধ কৰিলে মোবাইল ফোন। উপায়ন্তৰ হৈ যুৱতী গৰাকী আৰক্ষীৰ কাষ চপাত আনমৰ ঘৰৰ এটা কোঠালীত থকাৰ ব্যৱস্থা কৰি দিয়ে যুৱতী গৰাকীক। সেই কোঠালীতে অযুত সপোন দেখুৱা প্ৰেমিকৰ অপেক্ষাত এতিয়া লোঘনে-ভোকে দিন অতিবাহিত কৰিবলগীয়া লৈছে ম্যানমাৰৰ এই গৰাকী থাণ্ডাৰ থয়ে।

যুৱতী গৰাকীৰ প্ৰেম কাহিনী সম্প্ৰতি বিলাসীপাৰাৰ সৰ্বত্ৰতে চৰ্চাৰ বিষয়হৈ পৰিছে। সুহৃদয়বান লোকসকলেও আনমক যুৱতীগৰাকীক আঁকোৱালি লৈ সুখৰ সংসাৰ গঢ়িবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক : তিনি সন্তানক এৰি পৰম পুৰুষৰে পলাল পত্নী !