Local, Vocal, Global

তিনিচুকীয়াৰ তৰাণি গাঁৱত পৰম্পৰাগত প্ৰথাৰে হাতীক গা ধুৱাই বিহু পালন

তিনিচুকীয়া, ১৭ এপ্ৰিল : হাঁচতি ঐ চ’ত, বিচতি ঐ চ’ত:, বুধে-বিৰচতি, মঙলে উৰুকা:, বিহুগৈ আছিলি ক’ত ? এই বিহু নামেৰে অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ব’হাগ বিহু আৰম্ভ হয়।

অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ আজি গৰু বিহু । ব’হাগৰ পহিলা মংগলবাৰৰ পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে বিহু পালন কৰে । মংগলবাৰে উৰুকা পালন কৰাৰ পাছত বুধবাৰে গৰু বিহু পালন কৰা হয় ।

অন্যহাতে, তিনিচুকীয়া জিলাৰ তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীক আজি গা ধুৱাই এইদৰে বিহু পালন কৰা হয় । তৰাণী গাঁৱখনত থকা কেইবাটাও হাতী আজি পুখুৰীলৈ আনি হাতীক গা ধুৱাই স্বক্ৰীয় পৰম্পৰাৰে এইদৰে বিহু পালন কৰা দেখা গৈছে।মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীক গা ধুৱাই থকা নান্দনিক পৰিৱেশ চাবলৈ উলাই আহিল স্থানীয় লোক।

হাতীয়ে পুখুৰীত জল কেলি কৰা দৃশ্যই আমোদ দিয়ে সকলোকে।মঙ্গলবাৰ দিনটো উৰুকা, বুধবাৰৰ দিনটোত গৰু বিহু পালন কৰি বৃহস্পতিবাৰৰ পৰা মানুহ বিহু হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক :Bohag Bihu 2024 : মুকলি বিহুৰ মাদকতাৰে বঢ়মপুৰত ‘অসম উৎসৱ’