জেষ্ঠ সাংবাদিক বিকাশ মৰাণ আৰু নাই

উজনি অসমৰ প্ৰভাৱশালী তথা তিনিচুকীয়া জেষ্ঠ সাংবাদিক বিকাশ মৰাণ আৰু নাই। সোমবাৰে নিশা প্ৰায় ১২.৩০বজাত নিজৰ শুৱনি কোঠাত ৰহস্যজনকভাৱে আত্মহননৰ পথ বাচি লয় সাংবাদিকগৰাকীয়ে। মৰাণৰ ৰহস্যজনক এই মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
নিশা শোৱণি কোঠাত পিষ্টলৰ দুই গুলীৰে আত্মহত্যাৰ দৰে পথ বাচি লয় বিকাশ মৰাণে। উল্লেখ্য যে, সামাজিকভাৱে অতিকৈ সচেতন সাংবাদিক গৰাকীৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সংবাদমহলত। কেইবাটাও চেটেলাইট চেনেলত উজনিৰ হৈ প্ৰতিনিধিত্ব কৰা বিকাশ মৰাণ আছি ইলেক্টনিক মিডিয়া ফৰামৰো প্ৰতিষ্ঠাপক।
প্ৰথমে ছপা মাধ্যমৰ সৈতে জড়িত হৈ পিছলৈ ইলেক্টনিক মাধ্যমৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল সাংবাদিকগৰাকী। উজনি অসমৰ প্ৰথমগৰাকী ইলেক্টনিক মাধ্যমৰ সাংবাদিক আছিল মৰাণ। উল্লেখ্য যে, মৃত্যুৰ এদিনৰ পূৰ্বে ভোগালী বিহুক লৈ অনুষ্ঠিত কৰা এটা অনুষ্ঠানতো উপস্থিত আছিল তেওঁ।
উল্লেখ্য যে, মৰাণে আত্মহত্যা কৰা পিষ্টলটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰতিটো মুৰ্হূততে নিষ্ঠাৰে কাম কৰি অহা মৰাণ কেইবাটাও জাতীয় সংগঠনৰ সৈতেও জড়িত হৈ আছিল। সদৌ অসম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ দৰে সংগঠনৰ সৈতে জড়িত থকাৰ উপৰিও মাকুমৰ ক্ৰীড়াক্ষেত্ৰখন আগুৱাই নিয়াত তেওঁৰ অৱদান আছিল উল্লেখনীয়।