Local, Vocal, Global

তীৰ-জুৱাৰীৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে অভিযান


 নিউজ ডেস্ক,১১ জানুৱাৰী: দুৰ্নীতিমুক্ত অসম গঢ়াৰ স্বাৰ্থত ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা ৰাজ্যৰ বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অবলম্বন কৰা বুলি সততে প্ৰচাৰ চলায় শাসনাধীষ্ঠ বিজেপিয়ে। অসমীয়া জাতিৰ উন্নয়ন আৰু উত্তৰণৰ স্বাৰ্থত মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা কিছুমান পদক্ষেপক আদৰণি জনায় বিজেপিৰ কেন্দ্রীয় নেতৃত্বই। ড্ৰাগছ মাফিয়া, ভূ-মাফিয়া, বিভিন্ন চিণ্ডিকেট আৰু দালাল ৰাজৰ বিৰুদ্ধে কৰা অভিযানৰ পাছত মুখ্যমন্ত্ৰীয়ে এইবাৰ অসম আৰক্ষীক তীৰ-জুৱাৰীৰ বিৰুদ্ধে অভিযানৰ নিৰ্দেশ দিলে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে কালিৰে পৰা ৰাজ্যত আৰম্ভ কৰিছে তীৰ, জুৱা আৰু অবৈধ কিছুমান লটাৰীখেলৰ বিৰুদ্ধে অভিযান। ঠায়ে ঠায়ে আৰক্ষীয়ে কৰায়ত্ত কৰিলে বহুতো তীৰৰ বুকী আৰু জুৱাৰীক। দক্ষিণ শালমাৰা, মানকাচৰ, গহপুৰ আদিত অভিযান চলাই আৰক্ষীয়ে কেইবাগৰাকী জুৱাৰীক হাতে-লোটে কৰায়ত্ত কৰে। দক্ষিণ শালমাৰা আৰু মানকাচৰ আৰক্ষীয়ে কালি ১৩জন তীৰৰ বুকীক, গহপুৰ আৰক্ষীয়ে ৪জনক গ্ৰেপ্তাৰ কৰে। ধৃতলোক সকলোৰ বিৰুদ্ধে আৰক্ষীয়ে ‘আছাম গেম এণ্ড বেটিং এক্ট’ৰ অধীনত গোচৰ পঞ্জীয়ন কৰে। এই কাৰ্যক আদৰণি জনাই ৰাজ্যৰ সচেতন মহলে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বহুতেই কয় মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত এইসমূহ চমকপ্রদ অভিযান আৰম্ভ কৰিলেই নহ’ব। ভৱিষ্যতে এই অভিযানসমূহ কঠোৰভাৱে তিষ্টি ৰখাটো ডাঙৰ কথা। আনহাতে মুখ্যমন্ত্ৰীয়ে এই অভিযানত ৰাইজৰ সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় অসামাজিক কাম-কাজ আৰু দুৰ্নীতিমুক্ত কৰিব নোৱাৰিলে অসমক পাঁচ ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়া অসম্ভব। এতিয়া লক্ষ্যণীয় কথাটো হ’ল মুখ্যমন্ত্ৰীৰ এইসমূহ কাম-কাজ সঁচাকৈয়ে কিবা ৰাজনৈতিক চমক নে অন্য কিবা। সেয়া লাগিলে যিয়েই নহওক উন্নয়নৰ বাবে সকলোৱে বিচাৰে এখন দুৰ্নীতিমুক্ত অসম।