গোসাঁইঘৰত পূজা-অৰ্চনা কৰি পাঠদান আৰম্ভ

ক’ৰনা ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো চলি আছে দীৰ্ঘদিনীয়া লকডাউন। এই সময়চোৱাত চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিথিলতা আনিছে যদিও সম্পূৰ্ণভাৱে স্তদ্ধ হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ। যাৰ বাবে অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যৎ। শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা বিভাগে অনলাইন শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বহু শিক্ষাৰ্থীৰ এনড্ৰ’ইড ম’বাইলৰ অভাৱৰ বাবে ল’ব পৰা নাই অনলাইন শিক্ষাৰ সুবিধা। সেয়েহে গোলাঘাটৰ এখন বিদ্যালয়ৰ শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপ। গোলাঘাট জিলা পূৱ কাকডোঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে অভিভাৱক সভা অনুষ্ঠিত কৰি অভিভাৱকৰ লগতে জিলা বিদ্যালয় পৰিদৰ্শকৰ অনুৰোধত বিদ্যালয় বন্ধ থকা সময়লৈকে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিদ্যালয়খনৰ সহকাৰী শিক্ষক চিদানন্দ শইকীয়াৰ ঘৰত গোসাঁইঘৰত ধূপ-বন্তি, শৰাই-অৰ্চনা কৰি বৰ্তমান পৰিস্থিতি শাম কাটিবৰ বাবে সমূহীয়া প্ৰাৰ্থনা কৰাৰ লগতে আজিৰ পৰাই সকলো দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰে। সেয়েহে শিক্ষকসকলৰ এনে প্ৰচেষ্টাক শলাগ লৈছে বিভিন্নজনে।