Local, Vocal, Global

গুৱাহাটীত আকৰ্ষণীয় ধনৰ পুৰস্কাৰেৰে ভোটাৰ সজাগতা প্ৰতিযোগিতা

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২০২২ উপলক্ষে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে ‘মোৰ ভোটেই মোৰ ভৱিষ্যত – এটা ভোটৰ শক্তি’ শীৰ্ষক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। জনসাধাৰণৰ মেধা আৰু সৃজনীমূলক প্ৰতিভাৰ প্ৰকাশৰ লগতে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ অৰ্থে ভাৰতৰ নিৰ্বাচন আয়োগে ‘পদ্ধতিগত ভোটাৰৰ শিক্ষা আৰু ভোটাৰৰ অংশগ্ৰহণ কাৰ্যসূচী’ ৰ অধীনত এই ৰাষ্ট্ৰীয় ভোটাৰ সজাগতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সকলো বয়সৰ লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাসমূহ হৈছে—কুইজ প্ৰতিযোগিতা, ভি ডি অ’ বনোৱা প্ৰতিযোগিতা, পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা, সঙ্গীত প্ৰতিযোগিতা আৰু শ্লোগান লিখা প্ৰতিযোগিতা। সঙ্গীত, ভি ডি অ’ বনোৱা আৰু পোষ্টাৰ ডিজাইন কৰা- এই তিনিটা প্ৰতিযোগিতা তিনি শ্ৰেণীত অনুষ্ঠিত কৰা হ’ব—প্ৰাতিষ্ঠানিক, পেছাদাৰী আৰু অপেছাদাৰী। তিনিওটা প্ৰতিযোগিতাৰে প্ৰাতিষ্ঠানিক শ্ৰেণীৰ প্ৰথম পুৰস্কাৰ ক্ৰমে এক লাখ, দুই লাখ আৰু ৫০ হাজাৰ টকা হোৱাৰ বিপৰীতে পেছাদাৰীসকলৰ বাবে ক্ৰমে ৫০ হাজাৰ, ৫০ হাজাৰ আৰু ৩০ হাজাৰ টকা। আনহাতে অপেছাদাৰী শ্ৰেণীৰ বাবে তিনিওটা প্ৰতিযোগিতাতে ক্ৰমে ২০ হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকা প্ৰথম স্থান লাভ কৰিলে আগবঢ়োৱা হ’ব। তিনিওটা প্ৰতিযোগীতাতে আগবঢ়োৱা হ’ব বিশেষ উদ্গনিমূলক পুৰস্কাৰ। শ্লোগান আৰু কুইজ প্ৰতিযোগিতাতো আগবঢ়োৱা হৈছে আকৰ্ষণীয় পুৰস্কাৰ। অহা ২৫ জানুৱাৰীৰ পৰা ১৫ মাৰ্চলৈকে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ ecisveep.nic.in/contest ত লগ্ অন কৰি সবিশেষ জানিব পাৰিব।voter-contest@eci.gov.in লৈ মেইল কৰি অংশগ্ৰহণ কৰিব পাৰিব উক্ত প্ৰতিযোগিতাত। অংশগ্ৰহণৰ অন্তিম তাৰিখ ১৫ মাৰ্চ। এখন শক্তিশালী গণতন্ত্ৰ স্থাপনৰ বাবে ভোটাৰসকলক এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

ReplyForward