গাই নদীৰ পানীয়ে ভেঁটি উছন কৰা স্থানত উপস্থিত ধেমাজি SMSS

গাই নদীৰ পানীয়ে ধেমাজি জিলাৰ শতাধিক অঞ্চলক তচনচ কৰিছে। এই সমস্যাৰ বুজ ল’বলৈ বানাক্ৰান্তৰ কাষত উপস্থিত হয় ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া। এসপ্তাহ পূৰ্বে গাই নদীৰ পানীয়ে চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত নতুন বালিজান গাওঁখনত ভয়ংকৰ তাণ্ডৱ চলোৱাৰ লগতে ১৪টা পৰিয়ালৰ গৃহ নদীৰ বুকুত জাহ যায়। উল্লেখ যে এই সময়চোৱালৈকে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষই উক্ত স্থানত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ধেমাজি SMSSৰ লগতে স্থানীয় ৰাইজে। সংগঠনটোৱে শাসনাধিস্থিত চৰকাৰক অতি সোনকালে গৰাখহনীয়া ৰোধ কৰাৰ লগতে বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে।