Local, Vocal, Global

কামৰূপৰ বাইহাটা চাৰিআলিত জলসিঞ্চন বিভাগৰ চাৰিজনকৈ কৰ্মচাৰীৰ ৰহস্য়জনক মৃত্যু

কামৰূপৰ বাইহাটা চাৰিআলি থানাৰ সমীপৰ পলহাত সংঘটিত হয় এক শোকাৱহ ঘটনা। ঘটনাটোত একেলগে মৃত্যু হ’ল জলসিঞ্চন বিভাগৰ চাৰিজনকৈ ৰাজমিস্ত্ৰীৰ।

উক্ত লোককেইজন হ’ল-ৰঙিয়া তাৰাকুছিৰ বাবুল হুছেইন, ৰঙিয়া নিতানীৰ
মজাফৰ আলী, ৰঙিয়া ধুহীৰ ৰাতুল আলী আৰু এজন লোক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে।

ৰহস্যজনকভাৱে মৃত্যুৰ সন্মখীন হোৱা লোককেইজনৰ ম্ৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। তথাপিও একাংশ লোকে খাদ্যত বিষক্ৰিয়া এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।মৃতকৰ পৰিয়ালে এই ঘটনাটোৰ সংবাদ মাধ্যম যোগে উচিত তদন্ত বিচাৰিছে।