Local, Vocal, Global

মণিপুৰৰ যুৱকৰ পুনৰবাৰ গীনিজ বুকত নাম অন্তৰ্ভুক্ত

News Desk : থাওনাজাম নিৰঞ্জয় সিং নামৰ মণিপুৰৰ যুৱকজনে গীনিজ বুকত নতুন ৱৰ্ল্ড ৰেকৰ্ডছৰ জৰিয়তে তেখেতৰ পূৰ্বৰ ৱৰ্ল্ড ৰেকৰ্ডছ ভংগ কৰিবলৈ সক্ষম হয়। তেখেতেনো কি কাৰ্যৰ জৰিয়তে এই ৰেকৰ্ডছ ভংগ কৰিবলৈ সক্ষম হয় জানো আহক।

থাওনাজাম নিৰঞ্জয় সিঙে তেখেতৰ পূৰ্বৰ এক মিনিটত ১০৫ বাৰকৈ মৰা পুশ্ব আপৰ অভিলেখ ভংগ কৰি নতুনকৈ এক মিনিটত ১০৯ বাৰকৈ মৰা পুশ্ব আপে ন- অভিলেখৰ স্ৃষ্টি কৰে।

উল্লেখ্য যে, এই অভিলেখত উত্ফুল্লিত হৈ কেন্দ্ৰীয় তথা আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰত তেখেতৰ মন্তব্য তথা শুভেচ্ছা প্ৰকাশ কৰে এনেদৰে –  এয়া সচাকৈ আচৰিত আৰু শুনি ভাল লগা কথা যে মণিপুৰৰ যুৱক এজনে এনদৰে গীনিজ বুকত পুনৰবাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।