Local, Vocal, Global

কাইলৈ হাফলংত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট

গুৱাহাটী, ১৮ জানুৱাৰীঃ কাইলৈ হাফলঙত ৰাজ্যিক কেবিনেটৰ পৰৱৰ্তী বৈঠকখন অনুষ্ঠিত হ’ব। ৰাজ্য চৰকাৰৰ কাৰ্যদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ প্ৰয়াসেৰে তৃণমূল পৰ্যায়ত কেবিনেট বৈঠক অনুষ্ঠিত কৰা পৰম্পৰা অব্যাহত ৰাখি এই ব্যৱস্থা কৰা হৈছে।


কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা আৰু উভতি অহাৰ পথত মন্ত্ৰীসকলে কেইবাখনো জিলা পৰিদৰ্শন কৰি বিভিন্ন ৰূপায়িত আঁচনিৰ কাম-কাজ পৰ্যৱেক্ষণ কৰিব বুলি প্ৰকাশ।