Local, Vocal, Global

বিশিষ্ট লেখক বিজু বৰিলৈ আগবঢ়োৱা হৈছে ”ৰাষ্ট্ৰীয় গৌৰব বঁটা”- ২০২২

নিউজ ডেস্ক, ১৮ জানুৱাৰী:  ‘অৰণ্য  মানৱ যাদব পায়েঙ ‘গ্ৰন্থ খনৰ বাবে বিশিষ্ট লেখক বিজু  বৰিলৈ  আগবঢ়োৱা হৈছে ‘ ৰাষ্ট্ৰীয় গৌৰব বঁটা ‘- ২০২২। কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা অসম গ্ৰন্থমেলাত এই গ্ৰন্থখন উন্মোচন কৰা হৈছিল। উন্মোচন হোৱাৰ অতি কম সময়ৰ ভিতৰতে গ্ৰন্থখনে বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। ‘অৰণ্য মানৱ যাদব পায়েঙ’ৰ জীৱন ভিত্তিত প্ৰণয়ন কৰা হৈছে উল্লেখিত গ্ৰন্থখন। গ্ৰন্থখনৰ বাবে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ে আৰু চাৰু কলা সংগঠনে আগবঢ়ায় এই ‘ৰাষ্ট্ৰীয় গৌৰব বঁটা-২০২২’।
বিশিষ্ট লেখক গৰাকীয়ে অশান্ত অসম ,মাওবাদৰ ইতিহাস সংগ্ৰাম, ভাৰতীয় স্বাধীনতা সংগ্ৰামত শ্বহিদ  কমলা মিৰিৰ  আদিৰ দৰে বহুকেইখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰিছে লেখক বিজু বৰিয়ে ।এনেদৰেই সাহিত্য জগতলৈ বহুখিনি অৱদান আগবঢ়োৱা দেখা গৈছে। ছাত্ৰ কালৰ পৰাই লেখক বিজু বৰিয়ে  বিভিন্ন কৰ্মৰ যোগেৰে সমাজলৈ অৱদান আগবঢ়াই আহিছে বুলি জানিব পৰা যায়। উল্লেখ  কৰিছে যে সংগঠনক এল অশোক,ৰাজেশ পাটিল, ড০  সৰোজিনী নাইক  আৰু সবিতা কাবুলৰ তত্ত্বাৱধানত ২৩ জানুৱাৰীত মুম্বাইত অনুষ্ঠিত হব লগা গুগুল মীটৰ জৰিয়তে সন্মানীয়’ ৰাষ্ট্ৰীয় গৌৰব বঁটা ‘ টি  বিশিষ্ট লেখক বিজু বৰিক প্ৰদান কৰা হব বুলি উদ্যোক্তাসকলে সদৰি কৰিছে।