Local, Vocal, Global

কমল নাথক প্ৰশংসা বিজেপিৰ উমাৰ, কংগ্ৰেছক সমৰ্থন বিজেপি নেত্ৰীৰ!

ৰাম আৰু হনুমান বিজেপিৰ একমাত্ৰ সম্পত্তি নহয়। এই মত প্রকাশ কৰিছে উমা ভাৰতীয়ে। মধ্যে প্ৰদেশত বিজেপি বিৰোধী স্থিতি লৈছে নেকি উমাই? উগ্র হিন্দুত্ববাদী সেই কথা সকলোৱে জানে। যোৱা কেইটামান দশক ধৰি ৰাজনীতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে উমী ভাৰতী। ৰাম মন্দিৰ আন্দোলনৰ লগতো জড়িত আছিল। সেই উমা ভাৰতীয়ে আজি বিপৰীত পথত সক্রিয় হৈছে? গেৰুৱা বাহিনীক তীব্র ভাষাৰে আক্ৰমণ কৰিছে ভাৰতীয়ে।

ভাৰতীয়ে কয় যে ভগৱান ৰাম আৰু হনুমান বিজেপিৰ নিজা সম্পত্তি নহয়! যিকোনো ব্যক্তিয়েই ৰামক পূজা কৰিব পাৰে। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ চিন্দোৱাৰা জিলাত প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে নিৰ্মাণ কৰিছিল হনুমান মন্দিৰ। তাত তেওঁ নিয়মিতভাৱে পূজাও কৰে। এই বিষয়টোক লৈ বিজেপিয়ে প্ৰায়েই কমল নাথক ঠাট্টা-মস্কৰা কৰি আহিছে। গেৰুৱা শিবিৰৰ দাবী কংগ্ৰেছ নেতাৰ হনুমান পূজা ভূতৰ মুখত ৰামনামৰ দৰে। কিন্তু উমা ভাৰতীয়ে বিপৰীত সুৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, ‘ৰাম বা হনুমান পূজা বিজেপিৰ একমাত্ৰ অধিকাৰ নহয়। এই বিষয়ত বিজেপিয়ে কপিৰাইট লোৱা নাই’।

এদিন পূৰ্বে মধ্যপ্ৰদেশৰ এখন বৈঠকত উমা ভাৰতীয়ে বিজেপিক ভোট দি লাভ নাই বুলি কোৱাও শুনা গৈছিল। নিজে চিন্তা কৰক। কাক ভোট দিব সেইটো সিদ্ধান্ত লওক। ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথকো পোনপটীয়াকৈ প্ৰশংসা কৰে। উমা ভাৰতীয়ে কয় যে ২০২০ চনত মধ্যপ্ৰদেশৰ উপ-নিৰ্বাচনত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল৷ ‘কমল নাথে এই নিৰ্বাচনত বহুত ভাল যুঁজ দিছে। এই নিৰ্বাচনত অতি কৌশলগতভাৱে যুঁজিছিল। হয়তো তেওঁৰ চৰকাৰ ইমান দিন চলি থাকিলে এইবোৰ প্ৰশ্ন উত্থাপন নহ’লহেঁতেন। এজন ব্যক্তি হিচাপেও তেওঁ বহুত ভাল। মোৰ দাদাৰ দৰে।’

দলৰ বিৰুদ্ধে বিজেপি নেতাৰ মন্তব্যই মধ্যপ্ৰদেশত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। আকৌ কমল নাথৰ নামত মায়াৱতীৰ প্ৰশংসাই বহুতকে আচৰিত কৰি তুলিছে। একাংশই ইয়াত ৰাজনৈতিক সমীকৰণো বিচাৰি পাইছে। অৱশ্যে উমা ভাৰতীয়ে স্পষ্ট কৰি দিছে যে তেওঁ বিজেপিৰ সৈতে আছে। আগন্তুক নিৰ্বাচনত তেওঁ বিজেপিৰ হৈ যুঁজিব। তথাপিওঁ নেতৃগৰাকীয়ে প্ৰকাশ কৰা মত যথেষ্ট তাৎপর্যপূর্ণ হৈছে।