ক’ভিডত আক্ৰান্ত বিশিষ্ট কণ্ঠশিল্পী লতা মংগেছকাৰ

নিউজ ডেস্ক,১১ জানুৱাৰীঃ ভাৰতৰ নাইটিংগেল লতা মংগেছকাৰ ক’ভিড-১৯ত আক্ৰান্ত হয়। ৯২ বছৰীয়া বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতেই তেঁওক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেঁও মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।
এতিয়া দেশজুৰি কুকিলকণ্ঠী গায়িকাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেঁওৰ অনুৰাগীসকলে।