একচন মুডত মল্লিকাৰ্জুন খাৰ্গে! কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ৱৰ্কিং সমিতি ভংগ
নতুন দিল্লীঃ কংগ্ৰেছ দলৰ নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ঠাইত ষ্টেয়িৰিং সমিতি গঠন কৰিছে। গান্ধী পৰিয়ালৰ সদস্যসকলৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকে ধৰি মুঠ ৪৭ জন জ্যেষ্ঠ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰিছে। এই সমিতিখনে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ঠাইত কাম কৰিব।
আজি পুৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্যসকলে তেওঁলোকৰ পদৰ পৰা পদত্যাগ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য, এআইচিচিৰ সাধাৰণ সম্পাদক আৰু ভাৰপ্ৰাপ্ত সদস্যসকলে সভাপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে।
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে আজি কয় যে মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত তেওঁ সকাহ অনুভৱ কৰিছিল৷ যিটো পদত ২৩ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছিল ছোনিয়া গান্ধী৷
ছোনিয়া গান্ধীয়ে আৰু কয় যে আজিৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে দেশত গণতান্ত্ৰিক মূল্যবোধৰ সংকট। মই নিশ্চিত যে খাৰ্গে সমগ্ৰ দলটোক অনুপ্ৰাণিত কৰিব আৰু তেওঁৰ নেতৃত্বত কংগ্ৰেছে শক্তিশালী হৈ থাকিব।নকংগ্ৰেছ দলৰ নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ঠাইত ষ্টেয়িৰিং সমিতি গঠন কৰিছে। গান্ধী পৰিয়ালৰ সদস্যসকলৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙকে ধৰি মুঠ ৪৭ জন জ্যেষ্ঠ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰিছে। এই সমিতিখনে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ঠাইত কাম কৰিব।
আজি পুৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্যসকলে তেওঁলোকৰ পদৰ পৰা পদত্যাগ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য, এআইচিচিৰ সাধাৰণ সম্পাদক আৰু ভাৰপ্ৰাপ্ত সদস্যসকলে সভাপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে।
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে আজি কয় যে মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত তেওঁ সকাহ অনুভৱ কৰিছিল৷ যিটো পদত ২৩ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছিল ছোনিয়া গান্ধী৷
ছোনিয়া গান্ধীয়ে আৰু কয় যে আজিৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে দেশত গণতান্ত্ৰিক মূল্যবোধৰ সংকট। মই নিশ্চিত যে খাৰ্গে সমগ্ৰ দলটোক অনুপ্ৰাণিত কৰিব আৰু তেওঁৰ নেতৃত্বত কংগ্ৰেছে শক্তিশালী হৈ থাকিব।