ইন্দিৰা গান্ধী হ’ব কংগনা ৰাণাৱট
ইন্দিৰা গান্ধী হ’ব কংগনা ৰাণাৱট
শেহতীয়া যথেষ্ট সংবাদ শিৰোনাম দখল কৰা বলিউদৰ এগৰাকী অভিনেত্ৰী হ’ল কংগনা ৰাণাৱট । কংগনা ৰাণাউটে যদিও বাস্তৱ জীৱনত কংগ্ৰেছৰ বিৰোধীতা কৰি আহিছে, কিন্তু এইবাৰ কংগ্ৰেছৰ এগৰাকী নেত্ৰী ৰূপত পৰ্দাত দেখা পোৱা যাব কংগনাক। খবৰ অনুসৰি শেহতীয়াকৈ কংগনাই এখন Political Drama ফিল্মত স্বাক্ষৰ কৰিছে য’ত কংগনাক ভাৰতৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰূপত পৰ্দাত দেখা পোৱা যাব। কিন্তু লক্ষণীয় যে এই খবৰ প্ৰকাশ হোৱাৰ পাছতেই সামাজিক মাধ্যত কংগনাক ট্ৰল কৰাৰ আৰম্ভ কৰিছে। ইফালে কংগনাই এক বিবৃতি যোগে কয় যে- ইন্দিৰা গান্ধী ভাৰতৰ আটাইতকৈ আইকনিক নেতা। লগতে তেওঁ কয় যে “হয়, আমি এই প্ৰকল্পত কাম কৰি আছোঁ আৰু ছবিখনৰ স্ক্ৰিপ্ট চূড়ান্ত পৰ্যায়ত আছে। এইখন ইন্দিৰা গান্ধীৰ জীৱনীমূলক নহয় কিন্তু এখন ৰাজনৈতিক নাটক ছবি যিয়ে আমাৰ প্ৰজন্মক আজিৰ ভাৰতৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি বুজিবলৈ সহায় কৰিব। তেওঁ কয়, “আমাৰ ভাৰতীয় ৰাজনীতিৰ আটাইতকৈ প্ৰতিষ্ঠিত নেতাৰ ভূমিকা পালন কৰিবলৈ মই অতি উৎসাহিত। উল্লেখ্য হ’ব লগা ছবিখনৰ কাহিনীলিখি আছে ছবি আৰু চিত্ৰনাট্য পৰিচালক ছাই কবীৰে যি আগতে কংগনাৰ সৈতে ‘ৰিভলভাৰ ৰাণী’ ছবিখনত কাম কৰিছে।অৱশ্যে, খবৰটো প্ৰকাশ পোৱাৰ লগে লগে, মানুহে কংগনা ৰাণাৱটক ট্ৰল কৰি আছে। দৰাচলতে, কংগনা ৰাণাৱটে বিজেপিক সমৰ্থন কৰে, সেয়েহে মানুহে কংগ্ৰেছ নেতাৰ ভূমিকাত অভিনয় কৰাৰ কথাক আৰম্ভ কৰিছে ট্ৰলৰ ।
চাওক, সামাজিক মাধ্যমত মানুহৰ প্ৰতিক্ৰিয়া:
