Local, Vocal, Global

দেশৰ মাটিত আই পি এল পাতিবলৈ সাজু বি চি চি আই

মহামাৰী ক’ৰনা ভাইৰাছৰ বাবে বিগত বর্ষত ইউ এ ইত পলমকৈ হ’লেও অনুষ্ঠিত হৈছিল আই পি এল। অহা ১৮ ফেব্ৰুৱাৰীত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া চলিত বর্ষৰ আই পি এলৰ খেলুৱৈ নিলামৰ অনুষ্ঠানৰ পিছতেই স্থান ঘোষণা হোৱাৰ সম্ভাৱনা আছে। এক শীর্ষ সূত্ৰই জানিবলৈ দিয়া মতে ব’র্ডে এইবাৰ আই পি এল দেশৰ মাটিত আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছে। ক’ভিডৰ পৰিস্থিতি আৰু কিছু উন্নত হোৱালৈ অপেক্ষা কৰি ১৮-১৯ ফেব্ৰুৱাৰীৰ ভিতৰত আই পি এলৰ স্থান ঘোষণা কৰিব। অৱেশ্য ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে অব্যাহত ৰখা প্ৰট’কলসমূহ এপ্ৰিল-মে’ পর্যন্ত চলি থাকিলে ব’র্ডে এখন চহৰৰ ৩খন ষ্টেডিয়ামত খেল আয়োজনৰ সিদ্ধান্ত ল’ব পাৰে।